Search This Blog

Assamese Happy new Year wishes 2014 by Jitu Das








আজি ৩১-১২-১৩ । জীৱনৰ পৰা আকৌ এটা বছৰ পাৰ হৈ গ'ল । বছৰটোত জানো আপুনি বিচৰা বস্তু সকলো পালেনে ? যদি নাপালে, ইয়াৰ অৰ্থ এই নহয় যে আপোনাৰ বছৰ অথলে গ'ল কিয়নো এই ধুনীয়া পৃথিবীত জীয়াই থকাটোৱে এটা মহান কথা । আমি সকলোৱে জীৱনক যিমান গুৰুত্ব দিয়া উচিত সিমান কোনো দিনে নিদিও । জীয়াই থকাৰ মূহুৰ্তত  আপুনি কেৱল জীয়াই থকাতে আনন্দ পাব জানিব লাগিব । জীয়াই থকাৰ আনন্দৰ বাবে আপোনাক প্ৰথম কথা মানুহৰ সংগ লাগিব, তাৰোপৰি লাগিব এটা কৌতুহলী মন, এটা সংগীত, চিনেমা,কিতাপ, প্ৰকৃতি ভালপোৱা মন ।আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল এটা কাম । কাম বা কৰ্ম অবিহনে জীয়াই থকাৰ আনন্দ কেতিয়াও নাথাকে । কামৰ উদ্দেশ্য কি ? বেছিভাগ মানুহে কাম কৰে কেৱল ধন ঘটাৰ স্বাৰ্থত, প্ৰকৃততে কামৰ উদ্দেশ্য হৈছে নিজৰ ব্যক্তিত্বৰ প্ৰকাশ কৰা । সকলোৰে ব্যক্তিত্ব বেলেগ বেলেগ, সকলোৰে কৰি ভাল পোৱা কামো বেলেগ । আপোনাৰ ব্যক্তিত্ব নিৰ্ভৰ কৰে আপোনাৰ শৰীৰ আৰু পৰিবেশৰ ওপৰত । কিছুমান মানুহে চিন্তা কৰি ভাল পায়, কিছুমান মানুহে হাতেৰে কাম কৰি ভাল পায়, কিছুমানে কথা পাতি ভাল পায়, কিছুমান গান গাই ভাল পায়, কিছুমান খেল খেলি ভাল পায় । চক্ৰেটিছে কৈছিল নিজক জানা । বহুতে কয় আনক জনাতকৈ নিজক জনা বেচি টান । সৰু ল'ৰা বা ছোৱালী এজনীক সকলোৱে এটা প্ৰশ্ন শুধে বাবা বা মইনা তুমি ডাঙৰ হ'লে কি হ'বা ? ডাক্টৰ, ইঞ্জিনীয়াৰ নে প্ৰ্ফেছৰ ? বেছিভাগে ঘৰত শিকোৱা মতে উত্তৰ দিয়ে । কিন্তু সেই সৰু কালতে এটা শিশুৱে কেনেকৈ জানিব সি কি হ'ব বিচাৰে !! সি যদি জানে সি কি হ'ব বিচাৰে বা জীৱনত কৰিব বিচাৰে,যদি সেইটো ঘৰে বিচৰা মতে নহয়, তেতিয়াহ'লে সি কৰিব । এই সমস্যা আজি বেছিভাগ যুৱ-প্ৰ্জন্মৰে । ইয়াৰ সমাধান হ'ল ভাবি-চিন্তি এটা সিদ্ধান্ত লোৱা ।  
সকলোকে নৱবৰ্ষৰ ২০১৪ ৰ সুভকামনা জনালো আৰু আশা কৰিলো যে এই বছৰটো আপুনি জীৱনত কি বিচাৰে জানি লয় আৰু তাক লক্ষ্য কৰি  জীৱনত দোপত দোপে আগুৱাই যায় ।

You may also like :

1. Assamese Happy New Year wishes 2015

Jitu Das profile picture

Jitu Das

“Find the right frequency that resonates with your soul.”

Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.