ৰাধা-কৃষ্ণৰ প্ৰেমৰ পৰিভাষাৰ সমান সুন্দৰ পৰিভাষা কতো নাই !!


ভগৱান ,গুৰু আৰু পিতৃ মাতৃক আমি কিয় সেৱা কৰিব লাগে !!



সৰুৰে পৰা এটা কথাত বহুত গুৰুত্ব দিয়া শুনি আহিছোঁ , সেইটো হৈছে, আমি কেৱল ভগৱান, গুৰু আৰু নিজৰ পিতৃমাতৃৰ আগত মূৰ দুৱাব বা সেৱা কৰিব লাগে লাগে । সেইসময়ত বুজি পোৱা নাছিলোঁ, কিন্তু এতিয়া বুজিছোঁ ইয়াৰ কাৰণ নথকা নহয়। কাৰণটো হয়তো এনেকুৱা , এইয়া মোৰ অনুভৱ হে, এইয়ে যে ভগৱান বা বিশ্ব-ব্ৰহ্মাণ্ডৰ প্ৰতি আমি মূৰ দুৱাই ইয়াৰ বিৰাট ৰূপটোক আমি সন্মান কৰো, তেতিয়া আমি নিজৰ অহংকাৰ মনত ৰাখিব আৰু নোৱাৰো , বিশ্বব্ৰহ্মাণ্ডৰ আগত আমাৰ কি অস্তিত্ব যদি উপলব্ধি কৰি এই বিৰাট ৰূপৰ প্ৰতি আমাৰ মূৰ দুৱাব নোৱাৰো , তেতিয়া আমাৰ মনত কিমান অহংকাৰ থাকিব লাগিব !!

গুৰুৰ প্ৰতি মূৰ নিজে নিজে দুৱা খাই যায়, কাৰণ এই ভগৱান তথা ব্ৰহ্মাণ্ডৰ জ্ঞান দিয়াজনৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধা নিজৰ ভিতৰৰ পৰাই আহি যায় । যদি গুৰুৱে অহংকাৰ বা সূক্ষ্ম শৰীৰৰ দোষ দূৰ কৰি দিব পাৰে, সেই গুৰুৰ ওচৰত শিষ্য সদায় কৃতজ্ঞ হৈ পৰে । গুৰুৱে ইয়াৰ বিনিময়ত একো নিবিচাৰে ।।

পিতৃ মাতৃৰ প্ৰতি আমাৰ সন্মান সদায় হোৱা উচিত, কাৰণ পিতৃ মাতৃয়ে নিজ সন্তানৰ সদায় ভাল হোৱা বা উন্নতি বিচাৰে, কিন্তু ইয়াৰ প্ৰতিদান হিচাপে একোৱে নিবিচাৰে ।
এনেকুৱা নিঃস্বাৰ্থ প্ৰেম পোৱাটো জগতত আৰু কতো পোৱা নাযায় । হয়তো কিছুমান প্ৰেম সম্পৰ্কত তেনেকুৱা কাচিৎহে হয়, ৰাধা-কৃষ্ণৰ নিচিনা প্ৰেম যুগত এবাৰহে হয় !!




©জিতু দাস

আন্তৰ্জাতিক যোগ দিৱস ২১ জুন - যোগ কি, যোগৰ ৪ তা প্ৰকাৰ আৰু ইয়াৰ উদ্দেশ্যে সম্বন্ধে কিছু কথা



আন্তৰ্জাতিক যোগ দিৱসৰ শুভেচ্ছা জনালোঁ । যোগৰ প্ৰকৃত উদ্দেশ্যে হৈছে জীৱাত্মাৰ সৈতে পৰমাত্মাৰ সৈতে সান্নিধ্য লাভ কৰা । 🙏

যোগৰ সহায়ত মানুহ এজন প্ৰকৃতিৰ বিৰাট স্বৰূপটোৰ বিষয়ে অনুভৱ কৰে, আৰু এই অনুভৱে অহংকাৰী মনৰ ভাৰ বা গধীৰতা দূৰ কৰে ।

যোগ কেৱলমাত্ৰ স্থূল শৰীৰৰ বাবে নহয়, যোগে সূক্ষ্ম শৰীৰৰ পৰাও সকলো দোষ দূৰ কৰে, দোষ যেনে অহংকাৰ, কাম, লোভ , ভয় আদি ।।

যোগ সাধনা অবিহনে জীৱন ব্যর্থ । সফলতাৰ যি মাপদণ্ড সমাজত বৰ্তমান চলি আছে,
সেই সফলতাই মানুহক সন্তুষ্টি দিব পৰা নাই ।

যোগ সাধনা কৰি সিদ্ধ লাভ কৰা সকলে আৰু জীৱনত পাবলৈ একো নাথাকে । কিন্তু ভাগৱত পুৰাণৰ মতে কলি যুগত জ্ঞানযোগ আৰু ধ্যানযোগ সাধনা কৰা মানুহৰ নিচেই তাকৰ ।

যোগৰ বহুত ধৰণ আছে । তাৰে ভিতৰত যোগৰ মূল চাৰিটা ভাগ হৈছে -

১. কৰ্মযোগ :
কৰ্মযোগৰ বিষয়ে এটা ভুল ধাৰণা আছে যে ,তেওঁ কেৱল কৰ্ম কৰি যাৱ, তেওঁৰ মতে কৰ্মই ধৰ্ম , কিন্তু এই কৰ্ম তেওঁ কেৱল নিজৰ আৰু পৰিয়ালৰ বাবেহে কৰে, ইয়াত স্বাৰ্থপৰতা বাৰুকৈয়ে সোমাই আছে ।
কিন্তু প্ৰকৃততে কৰ্মযোগীয়ে কৰ্ম বিনা স্বাৰ্থতহে কৰে, তেওঁ লাভালাভৰ কথা চিন্তা নকৰে । স্বাৰ্থ অবিহনে কৰিলেহে তেওঁৰ কৰ্মই ধৰ্ম হৈ পৰে ।

২. ভক্তিযোগ :
মানুহ এজনৰ সম্পূৰ্ণ অহংকাৰ ভাঙি যেতিয়া ক্ষুণ্ণ বিষন্ন হৈ পৰে, তেতিয়া কিবা পুণ্যকৰ্মৰ ফলতহে ভক্তিযোগৰ ফালে ঢাল খায় ।। যেতিয়া মানুহ এজনে জীৱনকালত জ্ঞান আৰু ধ্যান যোগত জীৱনৰ সন্তুষ্টি লাভ নকৰে, তেতিয়াই তেওঁৰ অহংকাৰ ভাঙি যায় । ভক্তিযোগৰ ৰস পাবলৈ হ'লেও তেওঁ জ্ঞান আৰু ধ্যানযোগ নকৰাকৈয়ে আহিলে,তেওঁৰ মনত সন্দেহ মাৰ নাযায় । প্ৰথমতে জ্ঞান আৰু ধ্যানযোগৰ দ্বাৰা যিমান সন্দেহ, অবিশ্বাস, কৌতুহলতা মাৰ যাব লাগিব , তেতিয়াহে এজন মানুহে ভক্তিযোগৰ পিনে যাবলৈ সহজ হ'ব ।

৩. জ্ঞানযোগ :
জ্ঞানযোগৰ আৰম্ভণি মানুহৰ শৈশৱকালৰ পৰাই হয় । বিদায়ল, কলেজ, বিশ্ববিদ্যালয়ৰ অর্জন কৰা জ্ঞানে আমাক নিজৰ জ্ঞানযোগ সাধনাত সহায় কৰে । কিন্তু বেছিভাগেই ভুল ধাৰণা কৰি লয়, বিশ্ববিদ্যালয়ত ডিগ্ৰী লাভ কৰা জ্ঞানখিনি যে কিমান নগন্য সেই কথা উপলব্ধি নকৰে আৰু সেই নগন্য জ্ঞানতে অহংকাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে । যিমানেই বেছি ডিগ্ৰী সিমানেই তেওঁৰ অহংকাৰ বাঢ়ি যায়, কিন্তু জ্ঞানযোগৰ প্ৰকৃততে উদ্দেশ্যে হৈছে জনকল্যান হেতু সেই জ্ঞান প্ৰয়োগ কৰা । জ্ঞানযোগীয়ে আন এটা ভুল কৰে সেইটো হ'ল নিজৰ জ্ঞান খিনি আনক দিব নোখোজা । জ্ঞানযোগৰ অন্তিম পৰ্য্যায়ত মানুহ এজনে বুজি পায় যে জ্ঞানযোগত ব্ৰহ্মাণ্ডৰ বিশালতা আৰু নিজৰ বিন্দুসম ক্ষুদ্ৰ অস্তিত্বৰ কথা । তেতিয়া আৰু তেওঁৰ অহংকাৰ নাথাকে । যেতিয়া এজন ব্যক্তিয়ে সেই উপলব্ধি কৰে, তেতিয়াই উপনিষদৰ সাৰ মৰ্ম বুজি পায় যে ব্ৰহ্মাণ্ড এক, সকলো এটাৰেই অংশ ।

৪. ৰাজযোগ : ৰাজযোগৰ উদ্দেশ্য হৈছে স্থূল শৰীৰৰ উপৰিও সূক্ষ্ম শৰীৰৰ দোষ দূৰ কৰা । স্বাস্থ্য ৰক্ষাৰ বাবে ৰাজযোগ উত্তম । ৰাজযোগৰ দ্বাৰা এজন ব্যক্তিয়ে পৰমাত্মাৰ সান্নিধ্য আটাইতকৈ সোনকালে লাভ কৰিব পাৰে ।।কিন্তু গুৰু অবিহনে ৰাজযোগৰ কিছু যোগ কৰাটো একপ্ৰকাৰৰ মানা আছে । ৰাজযোগৰ দ্বাৰা এজন যোগীয়ে আত্মসংযমী হ'ব পাৰে । ৰাজযোগৰ প্ৰাণায়মৰ বিষয়ে বেছিভাগেই জানে । প্ৰাণায়মৰ দ্বাৰা এজনে নিজৰ মন মগজুৰ স্থিৰতা তথা শান্তি আনিব পাৰে । তাৰ উপৰিও ৰাজযোগৰ উত্তম অংশ হ'ল ধ্যান আৰু সমাধি । ৰাজযোগৰ উপকাৰিতাৰ বেছিভাগেই নাজানে । ৰাজযোগী এজন সুস্বাস্থ্যৰ অধিকাৰী হয় ,এই কথা এনেই কোৱা নহয়, ৰাজযোগীৰ সাধনা কৰা ব্যক্তিক দেখা পাই কৈছোঁ ।

আন্তৰ্জাতিক যোগ দিৱসৰ উদ্দেশ্যে সফল হওঁক তাৰেই কামনা কৰিলোঁ ।
যোগ সম্বন্ধে যি মোৰ নিজৰ ক্ষুদ্ৰ অভিজ্ঞতা তাৰেই কিছু কথা কবলৈ যত্ন কৰিলোঁ যাতে সকলোৱে যোগৰ প্ৰতি কিছু আগ্ৰহী হয়।। 🙏


©জিতু দাস

বিষ্ণুপ্ৰসাদ ৰাভা ৫১ সংখ্যক মৃত্যুদিৱসত শ্ৰদ্ধা নিবেদন জনালোঁ




বিষ্ণুপ্ৰসাদ ৰাভা , তেওঁ অসমীয়া সংস্কৃতিৰ এক অনন্য প্ৰতিভাশালী কলাৰ সাধক আছিল।। তেওঁ একেধাৰে কবি, সংগীতজ্ঞ, সাহিত্যিক, নৃত্যবিদ, চিত্ৰশিল্পী, অভিনেতা আছিল ।।






শংকৰদেৱৰ বিখ্যাত ছবিখন তেওঁ আঁকিছিল ।।
সৰুতে হয়টো কহিনুৰ থিয়েটাৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ ওপৰত আধাৰিত নাটক চাইছিলো, তেতিয়া তেওঁৰ সংগ্ৰামী সত্বাৰ লগত চিনাকি হৈছিল ।

বহুতে হয়তো নাজানে আজিৰ তেজপুৰ বিশ্ববিদ্যালয় মাটিখিনি বিষ্ণুপ্ৰসাদ ৰাভাই দান দিছিল ।
তেওঁৰ চিৰ সেউজীয়া গীতবোৰ যেনে পৰজনমৰ শুভ লগনত, লগন উকলি গ'ল, তিলাই তিলাই, ৰৈ ৰৈ কেতেকী, কৰুৱা বতাহ, বিলতে হালিছে আদিবোৰ গান আজিও শুনিবলৈ পালে বহুত ভাল লাগে ।।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যুদিৱসত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো । 🙏

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৭ সংখ্যক জন্মদিনত শ্ৰদ্ধা নিবেদন জনালোঁ ।।


জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এজন অদ্বিতীয় সৃষ্টিশীল ব্যক্তি আছিল  । যিসময়ত অসমীয়া ভাষাৰ সৃষ্টিশীল কামৰ বাবে তেওঁ যি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল তাৰ বাবে তেওঁ সদায় স্মৰণীয় । ১৯৩৫ চনত জয়মতী চিনেমাখনেৰে অসমীয়া চিনেমাৰ তেওঁ আৰম্ভণি কৰিছিল । ৩০০ ৰো অধিক সুন্দৰ সংগীত, যাক আমি জ্যোতি সংগীত বুলি জানো । সৰুৰে পৰা শুনি আহিছোঁ,কিন্তু সদায় এক সুন্দৰ অনুভৱ আনি দিয়ে জ্যোতি সংগীতবোৰে । সেই সৃষ্টিৰ সমাদৰ সদায় থাকিব । 

চলচ্চিত্ৰ, নাটক, সংগীত, কবিতা সকলো দিশতে সুন্দৰৰ সৃষ্টিশীলতা আনি দিয়া  শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজিৰ ১৭ জুন তাৰিখত ১৯০৩ চনত জন্ম হৈছিল । তেওঁৰ মৃত্যু হয় ১৭ জানুৱাৰী ১৯৫১ মাথো ৪৮ বছৰ বয়সতে , তেওঁৰ সন্মানৰ্থে প্ৰত্যেক বছৰে  ১৭ জানুৱাৰীত শিল্পী দিৱস হিচাপে পালন কৰা হয় ।
তেওঁ আৰু কিছুদিন থকাহ'লে অসমীয়া চিনেমাৰ স্তৰ আৰু  ওপৰলৈ গ'লহেঁতেন ।

তেওঁৰ আজি জন্মতিথিত মই হ্রদয়ৰ পৰা সন্মান জনালোঁ ।।🙏

ভক্তিযোগ কি ? আৰু গীতাৰ ভক্তিযোগ অধ্যায় ১২ ,শ্লোক ৫ ৰ অসমীয়া অনুবাদ















ভগৱানৰ অচিন্তনীয় অব্যক্ত নিৰ্বিশেষ ধাৰণাক অনুসৰণ কৰা আধ্যাত্মিকসকলক বোলা হয় জ্ঞানযোগী আৰু  যিসকলে সম্পূৰ্ণ ৰূপে কৃষ্ণভাৱনাসম্পন্ন হৈ ভগৱানৰ ভক্তি কৰাত ব্ৰতী হৈ থাকে তেওঁলোকক বোলা হয় ভক্তিযোগী । 

ভগৱান বা পৰমসত্যৰ নিৰাকাৰ ৰূপটো বুজিবলৈ জ্ঞানযোগৰ সাধনা কৰা হয়। জ্ঞানযোগীয়ে বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য জানিবলৈ চেষ্টা কৰে । কিন্তু শেষ নোহোৱা ব্ৰহ্মাণ্ডৰ জ্ঞান অৰ্জন কৰাটো অতি কষ্টকৰ যদিও পৰমউপলব্ধি একেটাই । Quantum পদাৰ্থবিজ্ঞানৰ  এটা উপলব্ধি যেনে Separation is an illusion - পাৰ্থক্যবোৰ কেৱল মাত্ৰ এটা বিভ্রম । উপনিষদতো সেই একেটা কথাকে কোৱা হৈছে যে জ্ঞানীসকলে প্ৰথমতে সকলো বিষয়তে পাৰ্থক্য দেখা পায়, কিন্তু পৰমজ্ঞানৰ অনুভৱ কৰা জনে বুজি পায় যে সকলো বস্তু ,জড়,জীৱ এটাই এটাৰ লগত জড়িত । সকলোতকৈ ডাঙৰ বিভ্রম হৈছে বিশ্বব্ৰহ্মাণ্ড আৰু আমি পৃথক ।

সেয়েহে ভগৱান শ্ৰী কৃষ্ণই গীতাৰ ভক্তিযোগ অধ্যায়ৰ শ্লোক ৫ ত কৈছে -

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ||
अव्यक्ता हि गतिर्दु:खं देहवद्भिरवाप्यते || 

অৰ্থ - যিসকলৰ মনবিলাক পৰমতত্বৰ অব্যক্ত বা নিৰাকাৰ ৰূপটোৰ প্ৰতি আসক্ত তেওঁলোকৰ বাবে আধ্যাত্মিক অগ্ৰগতি লাভ কৰাটো  জটিলতাৰে ভৰা । দেহধাৰীসকলৰ বাবে এই অব্যক্ত ৰূপৰ সাধনা বৰ কষ্টকৰ ।

১৪/০৬/২০২০


©জিতু দাস

Narad bhakti sutra jitu das blog (সঁচা প্ৰেম কি নাৰদ ভক্তি সূত্ৰৰ মতে !! )















নাৰদ ভক্তিসূত্ৰ  মতে প্ৰেম কি ??
নাৰদ ভক্তি সূত্ৰমতে সঁচা প্ৰেমৰ তিনিটা লক্ষণ হৈছে -
১. গুণৰহিত
২. কামনাৰহিত
৩. প্ৰতিক্ষণবৰ্ধনাম

১. গুণৰহিত অৰ্থাৎ গুণ চাই ভাল পালে সেই প্ৰেম নহয়, কিয়নো গুণ যেনে সৌন্দৰ্য, শক্তি, জনপ্ৰিয়তা, টকা পইচা , প্ৰতিষ্ঠা এইবিলাক সময়ৰ লগত একে নাথাকে । গুণ চাই ভাল পালে সময়ৰ লগতে সেই  গুণ কমি গলে প্ৰেম কমি যাব । আজি বেছি,কালি কম , সেইয়া প্ৰেম নহয় ।।

২. কামনৰহিত অৰ্থাৎ , যি ইচ্ছা কৰা যায় আনজনৰ পৰা পোৱা যায়, যদি তেতিয়া ভালপোৱা হয়, সেইয়া প্ৰেম নহয় । যদি ইচ্ছাপূৰ্ণ নহ'লে  প্ৰেম কমি যায় বা নোহোৱা হৈ যায়, সেইয়া প্ৰেম নহয় । প্ৰেম নিজৰ কামনা বা ইচ্ছাসাধন কৰা মাধ্যম নহয় । প্ৰেমত নিজৰ বাবে কোনো ইচ্ছা থাকিব নোৱাৰে, কিন্তু বেছিভাগ মানুহে প্ৰেমৰ নামত নিজৰ ইচ্ছাপূৰ্ণ কৰি থাকে । সঁচা প্ৰেমত এনেকুৱা দাবী আহিব নোৱাৰে যে যদি তুমি মোক ভালপোৱা এইটো ইচ্ছা পূৰণ কৰিব লাগিব ইত্যাদি ।

৩. প্ৰতিক্ষণবৰ্ধনাম : প্ৰেমৰ এই লক্ষণটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সঁচা প্ৰেমত আজি ভাল পোৱা বেছি হোৱা, কালি কমি যোৱা এইবোৰ নহয়। কিন্তু বেছিভাগ প্ৰেম নাম দিয়া সম্পর্কত দেখা যায় আজি ভাল ব্যৱহাৰ, বস্তু বা কিবা ইচ্ছাৰ পূৰণ হোৱাৰ বাবে প্ৰেম বাঢ়ি যায় , কিন্তু আনদিনা, কিবা ইচ্ছাৰ বা আকাংক্ষাৰ পূৰণ নোহোৱা বাবে প্ৰেম কমি যায়, কাজিয়া হয়, সম্পৰ্কৰ মধুৰতা নোহোৱা হয় ইত্যাদি ।
কিন্তু প্ৰকৃত প্ৰেমত যিহেতু কোনো আকাংক্ষা নাথাকে, সেই প্ৰেমত কমা বঢ়া হৈ নাথাকে অথবা  প্ৰতিদিনে প্ৰেম সলনি হৈ নাথাকে । 

সঁচা প্ৰেমৰ লক্ষণ হৈছে এই প্ৰেম প্ৰতিক্ষণ বৃদ্ধি হৈ থাকে । এই প্ৰেম কেতিয়াও কমি নাযায় কাৰণ যিহেতু এই প্ৰেম গুণ চাই হোৱা নাছিল, সেয়েহে সময়ৰ লগত গুণ নোহোৱা হৈ গলেও সঁচা প্ৰেমত প্ৰভাৱ নপৰে ।
সঁচা প্ৰেম যিহেতু কামনৰহিত আৰু ইয়াত আনজনৰ সুখৰহে চিন্তা কৰা যায়, সেইকাৰণেই এই প্ৰেম বাঢ়িহে গৈ থাকে ।  ইচ্ছা বা স্বাৰ্থ যিহেতু নাই,তেনে প্ৰেমত ইচ্ছাপূৰ্ণ হোৱা নোহোৱাৰ কোনো প্ৰভাৱ নপৰে ।।

অহংকাৰী আৰু স্বাৰ্থপৰ মনে কেতিয়াও ভাল পাব নোৱাৰে,কিয়নো নিজৰ হ্ৰদয়খনৰ চিন্তাহে বেছি তেওঁৰ, যদি ভাঙি যায় তেতিয়া কি হ'ব এইবোৰ চিন্তা আহি থাকে।

অহংকাৰী বা স্বাৰ্থপৰ মনত সদায় ব্যক্তিয়ে অসুৰক্ষতা অনুভৱ কৰি থাকে । অসুৰক্ষতা সৃষ্টি হয় কিবা পোৱাৰ আশা বা স্বাৰ্থ থাকিলে ।

ভাল পালে এজন মানুহে আৰু  নিজৰ হ্ৰদয়খনৰ চিন্তা কৰি নাথাকে বা নিজৰ বাবে একো নিবিচাৰে । তেওঁৰ হৃদয় ভাঙি গলেও কোনো দুখ নকৰে, কাৰণ তেওঁ ভাল পোৱাৰ বিনিময়ত একো বিচৰাই নাছিল । একপ্ৰকাৰে তেওঁৰ হৃদয় কেতিয়াও ভাঙি নাযায় , তেওঁৰ প্ৰেম সময় আৰু আনজনৰ ব্যৱহাৰৰ লগত কমা বঢ়া হৈ নাথাকে, ই ক্ৰমবৰ্ধমান হৈ থাকে ।।

যেতিয়া  স্বাৰ্থৰ সিদ্ধি নহয় তেতিয়াই মানুহে হ্ৰদয় ভগ্ন হোৱা বুলি কয়, যদি ভালপোৱাত কিবা পোৱাৰ  আকাংক্ষা থাকে, সেয়া প্ৰেম নহয় ।। 🙏 

প্ৰেমৰ বিষয়ে সমাজত বহু ভুল ধাৰণা হৈ আছে, সেয়েহে হিন্দু ধৰ্মৰ শাস্ত্ৰ নাৰদ ভক্তি সূত্ৰত পোৱা প্ৰকৃত প্ৰেম সম্পৰ্কীয় এই কথাখিনি অসমীয়াত লিখি থলোঁ ।। 🙏🙏

©জিতু দাস


১৫/০৬/২০২০

Mahapurux SriSri Madhavdev short biography in Assamese

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱৰ সকলোকে শুভকামনা জনালোঁ।  🙏
ভক্তি মাৰ্গৰ দ্বাৰা  নিৰ্গুন কৃষ্ণৰ সাক্ষাৎ কৰিবলৈ শ্ৰী মাধৱদেৱে ভকতসকলক আহ্বান জনাইছিল !
মাধৱদেৱৰ বিষয়ে ১০ টা গুৰুত্বপুৰ্ণ কথা - 

১. মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল ১৪৮৯ চনত উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত ।
২. মাধৱদেৱ অসমৰ শংকৰদেৱৰ পিছত ভক্তি ধৰ্মৰ প্ৰচাৰ আৰু বিকাশত মূল ভূমিকা পালন কৰিছিল।
৩. তেওঁ প্ৰথমে শাক্ত ধৰ্মী আছিল যদিও শংকৰদেৱৰ লগত তেওঁৰ যেতিয়া শাস্ত্ৰাত হৈছিল, তেতিয়া তেওঁ শংকৰদেৱক গুৰু মানি লৈছিল  আৰু একশৰণ ধৰ্মত দীক্ষা লয় ।
৪. মাধৱদেৱে বিবাহ কৰোৱা নাছিল ।  তেওঁ বৈৰাগী আছিল যদিও জীৱন বিমুখ নাছিল । তেওঁ বিষয়ৰ সুখৰ প্ৰতি আগ্ৰহী নাছিল যদিও তেওঁ মানুহক জীৱনত খেতি,বাতি বা ব্যৱসায় কৰিব কৈছিল ।

৫. মাধৱদেৱৰ বহুতো প্ৰতিভা আছিল । তেওঁ ধৰ্ম প্ৰচাৰক , কবি , নাট্যকাৰ আৰু সুগায়ক আছিল । 
৬. ৰামায়ণৰ আদিকাণ্ড ভাঙনি তেওঁ গুৰু শংকৰদেৱক সহযোগ কৰিছিল ।।
৭. ১৫৯০-১৫৯৬ চনৰ ভিতৰত মাধৱদেৱে তেওঁৰ শ্রেষ্ঠ গ্ৰন্থ " নামঘোষা" লিখি উলিয়ায় । 
৮. মাধৱদেৱে লিখা অংকীয়া নাট সমূহ হ'ল -
 চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা , ভোজন বিহাৰ , দধি মথন, অৰ্জুন ভঞ্জন আদি । এই নাটসমূহত ভগৱান শ্ৰীকৃষ্ণৰ বাৎসল্য লীলাবোৰ এক সুন্দৰ ভাৱত প্ৰকাশ পাইছে ।
৯. শংকৰদেৱৰ আদেশ মৰ্মে, মাধৱদেৱে বহুতো বৰগীত ৰচনা কৰিছিল । তাৰে ভিতৰত আঁৰে কম্পিত মাধৱ , তেজৰে  কমলাপতি আদি জনপ্ৰিয় বৰগীত ।
১০. মাধৱদেৱৰ মৃত্যু ১৫৯৬ চনত কোচবিহাৰৰ ভেলাসত্ৰত তেওঁৰ দেহাৱসান ঘটে । 

আজি ২০২০ চনৰ ৬ জুন তাৰিখত মহাপুৰুষ মাধৱদেৱৰ ৫৩১ সংখ্যক জন্মতিথি ।গুৰুজনাৰ ওচৰত শ্ৰদ্ধাৰে সেৱা জনালোঁ ।।
 

Lokpriya Gopinath Bordoloi Short Biography in Assamese on his 130th Birthday in 2020

লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল ।  তেওঁৰ নিঃস্বাৰ্থ মনৰ বাবে তেওঁ সকলোৰে প্রিয় আছিল। আধুনিক অসমৰ প্ৰথম খনিকৰ গোপীনাথ বৰদলৈৰ জন্ম ১৮৯০ চনৰ ৬ জুনত হৈছিল । তেখেতৰ বিষয়ে বহুতে ভালকৈ নাজানে । কিন্তু গোপীনাথ বৰদলৈয়ে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাত মুখ্য ভূমিকা লৈছিল, অন্যথা অসম হয়তো পূৱ পাকিস্তানৰ অন্তৰ্ভুক্ত হ'লহেঁতেন । তেওঁ পিছত অসমক চীনৰ পৰাও সুৰক্ষিত কৰাৰ বাবে যতন কৰিছিল ।
মুখ্যমন্ত্ৰী কালত তেওঁ অসম হাইকোৰ্ট, অসম মেডিকেল কলেজ, অসম ভেটেনাৰী কলেজ আদি স্থাপন কৰিছিল । 



বহুতে হয়তো গোপীনাথ বৰদলৈৰ লিখা পঢ়া নাই । কিন্তু তেওঁৰ লিখা বহুত সুন্দৰ । গান্ধীৰ অহিংসা আদৰ্শবাদক তেওঁ মানি চলিছিল । তেওঁৰ লিখাত বিভিন্ন ধৰ্মৰ কথা পোৱা গৈছে । তেওঁ লিখা কিতাপৰ ভিতৰত অনাশক্তিযোগ, শ্ৰীৰামচন্দ্ৰ, বুদ্ধদেৱ, হজৰত মহম্মদ আদি । মই সৰুতেই গোপীনাথ বৰদলৈৰ সমগ্ৰ ৰচানৱলী পঢ়িবলৈ সুবিধা পাইছিলোঁ ।  মুখ্যমন্ত্ৰী হলেও তেওঁ সহজ সৰল জীৱন যাপন কৰিছিল । হয়তো তেওঁ এক আধ্যাত্মিক জীৱন নিৰ্বাহ কৰিছিল ।
তেখেতৰ মৃত্যু হৈছিল ১৯৫০ চনৰ ৫ আগষ্টত ।

গোপীনাথ বৰদলৈক অটল বিহাৰী বাজপেয়ীয়ে ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰিছিল। ২০০২ চনত  ৰাষ্ট্ৰপতি এ.পি.জে. আব্দুল কালামে ভাৰতৰ সংসদ ভৱনত তেওঁৰ জীৱন আকাৰৰ প্ৰতিমা অনাৱৰণ (unveil) কৰিছিল l

তেখেতৰ আজি জন্মদিনত আমি অসমবাসীয়ে আজি শ্ৰদ্ধা জনাইছো ।।

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...