গীতা হৈছে হিন্দু দৰ্শনৰ আটাইতকৈ মহত্বপূৰ্ণ গ্ৰন্থ যত সমাহিত হৈ আছে বেদ, উপনিষদ সকলোৰে সাৰ মৰ্ম । গীতা খন প্ৰথমবাৰ পঢ়িবলৈ পাইছিলোঁ বহুত সৰু থাকোঁতে, তেতিয়া মই কিজানিবা পঞ্চম নাইবা ষষ্ঠ শ্ৰেণীত পঢ়ি আছিলো , গীতৰ প্ৰথম পৃষ্ঠাত থকা শ্রী কৃষ্ণৰ ধুনীয়া ৰঙীন ছৱিবিলাক চাই বৰ লাগিছিল, কৃষ্ণ, অৰ্জুন, মহাভাৰতৰ ৰণ, শ্ৰীকৃষ্ণৰ বিশ্ব ৰূপ , চতুৰ্ভুজ ৰূপ আদি দেখি কিবা এটা বেলেগ ভাল লাগিছিল । ইমান কাল্পনিক, ধুনীয়া, ৰঙীন ছৱিবিলাকৰ দ্বাৰা ভগৱানৰ বিশালতাৰ কথা অলপমান হলেও অনুধাৱন কৰিব পৰিছিলো সেই শিশু মনৰ সীমাবদ্ধতাৰ মাজতো । জীৱনৰ ৰহস্য সম্পৰ্কে হয়তো তেতিয়াই মনত অযুত প্ৰশ্নই থিতাপি লৈছিল আৰু আটাইতকৈ গাঢ় হৈ উঠিছিল যেতিয়া মই দশম শ্ৰেণীৰ পৰা স্নাতক ডিগ্ৰী পঢ়া লৈকে সময়ত । স্নাতক ডিগ্ৰী প্রাণী বিজ্ঞানত কৰা মূল কাৰণটোৱো আছিল জীৱন সম্পৰ্কে থকা তীব্ৰ কৌতুহল আৰু উৎসুকতা । এনেকৈ কিছুমান কথাৰ আৰম্ভণি হয় শৈশৱ কালতে আৰু ই আমাৰ জীৱনৰ গতি সলনি কৰি দিয়ে । মোক প্ৰভাৱিত কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কিতাপৰ ভিতৰতে হৈছে গীতা । গীতা হৈছে সকলোৰে বাবে, ইয়াত যি কথা কোৱা হৈছে সকলো মানুহৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ । গীতাৰ কথা বোৰ প্ৰথম বাৰ পঢ়িলে ভাল নালাগিব পাৰে কিন্তু অৰ্থৰ গভীৰতা বুজিবলৈ চেষ্টা কৰিলে ,আপোনাক নিশ্চয় গীতাৰ কথাবোৰ অলপ হলেও ভাল দিশলৈ যাবলৈ অনুপ্ৰাণিত কৰিব । গীতা হৈছে আদৰ্শৰ প্ৰতিক, আৰু ইয়াৰ প্ৰত্যেকটো বাণী মানি চলাটো সম্ভৱপৰ নহয় সকলোৰে বাবে , কিন্তু গীতাৰ কিছুমান ভাল লগা বাণী আমি বাচি লৈ তাক আমি জীৱনত ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব পাৰো । গীতাৰ মোৰ ভাল লগা এটা শ্লোক হৈছে -- Yam hi na vyathayantyete purusham purusharshabha Samaduhkha sukham dheeram so’mritatwaaya kalpate Sanskrit: यम हि न व्यथयन्तेते पुरुषम पुरुषर्षभ समदुःख सुखम धीरम सोमृतत्वाय कल्पते অৰ্থাৎ পুৰুষৰ ভিতৰত উত্তম ( অৰ্জুন) সেইজন যিজনে সুখ আৰু দুখৰ দ্বাৰা অশান্ত নহয় আৰু স্থিতপ্ৰত্যজ্ঞ হৈ থাকে সেইজন মুক্তিৰ বাবে যোগ্য ।।। #গীতা #gita #gitaassamese #assam #assamesebook #jitudasblog


No comments:

Post a Comment

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...