What to do when Snake bites you in Asssamese সাপে কামোৰিলে কি কৰিব লাগে ! ১. ভয় খাব নালাগে , কিয়নো ভয় খালে হৃদপিণ্ডৰ গতি বাঢ়ি যায় আৰু গোটেই দেহতে সাপৰ বিষ সোনকালে বিয়পি যায় । ২. বেছি লৰচৰ কৰিব নালাগে । ৩. সাপে কামোৰাৰ পিছত কোনোধৰণৰ ওজা বা বনৌষধীযে কাম নকৰে , কেৱল মাত্ৰ সাপৰ বিষৰ পৰা সৃষ্টি কৰা প্ৰতিবিষৰ (Antivenom) পৰাই সাপে কামোৰাৰ চিকিৎসা সম্ভৱ । ৪. সাপে কামোৰাৰ লগে লগে মানুহজনক ডাঙৰ হস্পিতাললৈ লৈ যাৱ লাগে, কিয়নো সাপে কামোৰাৰ প্ৰথম ঘণ্টাক সোণালী সময় ( Golden Hour) বুলি কোৱা হয় আৰু তাতে প্ৰতিবিষ পোৱা যায় । ৫. সাপে কামোৰিলে আঙুঠি, ঘড়ী, বেল্ট আদি খুলি দিব লাগে কিয়নো পিছত হাত ফুলি ধৰিলে ইয়াৰ পৰা বহুত অসুবিধাৰ সৃষ্টি হয় । ৬. ভাৰতৰ প্ৰায় ৩০০ প্ৰজাতিৰ সাপৰ ভিতৰত প্ৰায় ৭০-৮০ % সাপ বিষহীন । কিন্তু সাপৰ বিষয়ে জ্ঞান নথকাৰ ফলত মানুহে ভয়তে যিকোনো সাপ দেখিলেই মাৰি পেলায় , ইয়াত দোষ মানুহৰ নহয়, কিয়নো ঘৰত সাপ ওলালে মানুহ এজনে পৰিয়ালৰ সদস্যসকলক প্ৰাণৰ বিপদত পেলাব নোখোজে । কিন্তু সাপ উদ্ধাৰ কৰা মানুহ যদি থাকে তেঁওক মতা উচিত অযথা সাপ এডাল মাৰি পেলোৱাতকৈ । বিষ থকা সাপ আৰু বিষ নথকা সাপৰ মাজত কিছুমান পাৰ্থক্য থাকে যেনে, ক) বিষ থকা সাপৰ চকু দীৰ্ঘ বৃত্তাকৰ হয় আৰু বিষহীন সাপৰ চকু বৃত্তাকৰ হয় । খ) বিষ থকা সাপৰ মূৰ অংশ বিষহীন সাপৰ মূৰটোতকৈ বেছি ডাঙৰ আৰু বহল হয় । গ) বিষ থকা সাপবোৰ বিষহীন সাপতকৈ আকাৰত ডাঙৰ আৰু শকত হয় । ঘ ) বিষ থকা সাপ আৰু বিষহীন দুয়োটাৰে মূৰ অংশ ত্ৰিভূজ আকৃতিৰে হয়, যদিও অকল বিষহীন সাপৰ মূৰঅংশ ঘূৰণীয়া বুলি প্ৰচাৰিত ! সাপৰ গুৰুত্ব কি আছে ? ১. সাপৰ প্ৰথম গুৰুত্ব হৈছে সাপ হৈছে খাদ্য শৃংখলৰ এটা গুৰুত্বপূৰ্ণ অংশ, যত সাপ হৈছে চিকাৰী আৰু চিকাৰ দুয়োটা । ২. সাপে সৰু সৰু জীৱবোৰৰ সংখ্যা নিয়ন্ত্ৰিত কৰি ৰাখে l ৩ . সাপ হৈছে পৰিস্থিতিতন্ত্ৰৰ ওপৰ স্তৰত থকা জীৱ আৰু ইয়াৰ গুৰুত্ব অসীম, কিয়নো ই সৰু সৰু তৃণভোজীবোৰৰ সংখ্যা নিয়ন্ত্ৰন কৰি ৰাখে, আৰু প্ৰকৃতিৰ নিজা ভাৰসাম্যতা বজাই ৰাখে । #jitudasblog #jibakulngo #snakes #snakesofinstagram #snakebites #sankefacts#snakelovers #naturelover #environmentalist #naturalist


No comments:

Post a Comment

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...