CELEBRATING WORLD OCEAN DAY 8 JUNE WITH 25 FACTS ABOUT OCEANS IN ASSAMESE BLOGPOST


 Plastic Pollution has been creating all time biggest threat to the natural world. Plastic pollution has been destroying the nature, the oceans, the biodiversity of ocean.An estimated 90% of seabirds and around 50% of marine turtles have plastic in their stomachs. We can't let this become the norm - it's time for solutions. 


বিশ্ব সাগৰ দিৱসৰ দিনা সাগৰৰ বিষয়ে আকৰ্ষণীয় ২৫ টা তথ্য তলত উল্লেখ কৰা হ'ল - 

১. বিশ্ব সাগৰ দিৱস প্ৰত্যেক বছৰে ৮ জুনত পালন কৰা হয়। সাগৰৰ গুৰুত্ব পৃথিৱীত অসীম কিয়নো সাগৰ আৰু মহাসাগৰতে পৃথিৱীৰ জৈৱ বৈচিত্ৰৰ ৮০-৯০ % শতাংশই বাস কৰে ।  


২. জীৱৰ বাবে , আমাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় পৃথিৱীৰ অক্সিজেনৰ ৫০- ৭০% সাগৰত থকা ফাইট'প্লেংকটনে সৃষ্টি কৰে । সাগৰে কাৰ্বনৰ পৰিমাণ কমাই ৰাখে আৰু পৃথিৱীখন জীৱৰ বাবে উপযোগী কৰি ৰাখে । 


৩. সাগৰৰ তলতে আছে পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতশাৰী যি ৬৫০০০ কিঃমিঃ দীঘল । 


৪. পৃথিৱীৰ আটাইতকৈ ওখ জলপ্ৰপাতটো আছে সাগৰৰ তলত , দেনমাৰ্কৰ স্ত্ৰেইট কেটাৰেক্ট , যি ১১৫০০ ফুট ওখ ।


৫. সাগৰৰ    ভিতৰতো এখন পৃথিৱী থকা যেন যত আছে নদী , হ্ৰদ, পাহাৰ, পৰ্বত, আগ্নেয়গিৰী । 

   

৬. পৃথিৱীৰ আটাইতকৈ ডাঙৰ জীৱৰ গঠন হৈছে অষ্ট্ৰেলিয়াৰ গ্ৰেট বেৰীয়াৰ ৰীফ যি ১,৩৩০০০ বৰ্গ কিঃমিঃ বিয়পি আছে যাক মহাকাশৰ পৰাও দেখা যায়, কিন্তু এই গ্ৰেট বেৰীয়াৰ ৰীফ এতিয়া বিপদাপন্ন মানুহৰ ক্ৰিয়া কলাপৰ ফলত ।


I

৭. প্লাষ্টিক হৈছে  সাগৰৰ জৈৱ বৈচিত্ৰৰ বাবে আটাইতকৈ ডাঙৰ বিপদ ।


৮. প্লাষ্টিক হৈছে বিষৰ শোষণ কৰি লোৱাত ভাল । সাগৰীয় জীৱবোৰে প্লাষ্টিকক খাদ্য হিচাপে ভাৱি লয় । যাৰ ফলত সাগৰীয় মাছ খোৱাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ ৰোগ হব পাৰে ।


৯.প্লাষ্টিকৰ প্ৰভাৱ কম কৰাৰ দুটা উপায় হৈছে প্লাষ্টিকৰ ব্যৱহাৰ কম কৰা আৰু প্লাষ্টিকৰ পুনৰব্যৱহাৰ কৰা । বিশেষকৈ এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকবোৰ বন্ধ কৰি দিয়া ।

১০. প্লাষ্টিকৰ আৱৰ্জনা প্ৰত্যেক বছৰে ৮০ লাখ কি:গ্ৰা: সাগৰত সোমায় আৰু ই এটা পৃথিৱীৰ এটা ডাঙৰ মানৱসৃষ্ট সমস্যা ।



১১. সাগৰত প্লাষ্টিক প্ৰদূষণৰ ফলত ২৬৭ টা প্ৰজাতি বিপদত পৰিছে ।  সাগৰীয় কাছৰ ৮৬ % , সাগৰীয় চৰাইৰ ৪৪% আৰু সাগৰীয় স্তন্যপায়ী জীৱৰ ৪৩% প্লাষ্টিকৰ প্ৰদূষণৰ ফলত বিপদত পৰিছে ।


১২. সাগৰত থকা প্ৰবাল (coral) বোৰে তাৰ ভিতৰত থকা শেলাইবোৰ ৰক্ষা কৰিবলৈ একধৰণৰ প্ৰটিন এৰি দিয়ে ,যাৰ ফলত সূৰ্যৰ পোহৰৰ ইয়াক ৰক্ষা কৰে ।


১৩. প্ৰশান্ত সাগৰ হৈছে চন্দ্ৰতকৈও বহল । প্ৰশান্ত সাগৰ ১২,৩০০ মাইল বিয়পি আছে যি চন্দ্ৰৰ ব্যাসতকৈ ৫ গুণ বেছি ।


১৪. সাগৰৰ তলত  পানীৰ চাপ ইমানেই বেছি যে তাত ডাঙৰ জীৱ বাচি থকা অসম্ভৱ । মাৰীয়ানা ট্ৰেন্স যি ৩৫,৮০২ ফুট সাগৰৰ তলত আছে, যত পৃথিৱীৰ আটাইতকৈ গভীৰ অংশ আছে । মাৰীয়ানা ট্ৰেন্সত পানীৰ চাপ ৮ টন প্ৰতি বৰ্গ ইঞ্চিত ।


১৫. সাগৰৰ গভীৰতাত পানী অত্যাধিক গৰম । হাইদ্ৰ'-

থাৰমেলৰ পৰা সাগৰৰ তলত ওলোৱা পানী প্ৰায় ৪০০℃ গৰম হব পাৰে  ।


১৬. পৃথিৱীৰ আটাইতকৈ ওখ জলপ্ৰপাত আছে সাগৰৰ তলত ।


১৭. চন্দ্ৰত বেছি মানুহ গৈ পাইছে সাগৰৰ গভীৰতাত থকা মাৰীয়ানা ট্ৰেন্সতকৈ । তাত গৈ পোৱা এজন ব্যক্তি হল অৱতাৰ, টাইটানিক চিনেমাৰ পৰিচালক জেমস কেমৰণ ।


১৮ . সাগৰৰ তলিয়েদি বিভিন্ন দেশৰ মাজত থকা ইন্টাৰনেটৰ কেবল আছে ।


১৯. পৃথিৱীৰ আটাইতকৈ বেছি আগ্নেয়গিৰী উদ্গীৰণ হয় সাগৰৰ তলত, প্ৰায় ৯০ % । দক্ষিন প্ৰশান্ত মহাসাগৰত প্ৰায় ১,১৩৩ টা আগ্নেয়গিৰী আছে ।


২০. চূণামিৰ গতি হয় ৫০০ মাইল প্ৰতি ঘণ্টাত ।


২১. সাগৰৰ গঢ় গভীৰতা হৈছে ১২,১০০ ফুট আৰু পোহৰ কেৱল ৩৩০ ফুট তললৈহে সোমাব পাৰে আৰু তাৰ তলত আন্ধাৰৰ জগত আৰম্ভ ।



২২. সাগৰত এতিয়ালৈকে ৩০ লাখতকৈ ও অধিক জাহাজৰ দুৰ্ঘটনা হৈছে । 


 ২৩. নাছাৰ জেট প্ৰপালছন গৱেষণাগাৰৰ মতে যদি সাগৰৰ সকলো বৰফ গলি যায় একে সময়তে তেতিয়া সাগৰৰ উচ্চতা ২৬২ ফুট বাঢ়ি যাৱ , যি  ২৬ মহলীয়া বিল্ডিং এটাৰ সমান হ'ব ।


২৪. সাগৰৰ আটাইতকৈ ডাঙৰ ঢৌ আছে সাগৰৰ তলত । সমুদ্ৰ বিজ্ঞানী ক্ৰীম মাৰ্টিনিৰ Deep Sea News ক কয় শ যে , সাগৰৰ আটাইতকৈ ডাঙৰ ঢৌবোৰ যাক কোৱা আভ্যন্তৰীণ ঢৌ আৰু ই দুটা ভিন্ন ঘনত্বৰ তৰল পদাৰ্থৰ মাজত হয় ।


২৫. National Ocean Service ৰ মতে সাগৰৰ ৫% তকৈ ও কম অংশ আবিষ্কাৰ হৈছে ।


No comments:

Post a Comment

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...