আজি বিশ্ব পৰিবেশ দিৱস ২০১৯ উদযাপন কৰা হয় পাঠশালাৰ গণকপুখুৰি হাই স্কুল, কটকুচিত । এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলৰ সৈতে গছ পুলি ৰোপন কাৰ্যসূচী গ্ৰহণ কৰা হয় ।এই অনুষ্ঠানত উপস্থিত থাকে ছাত্ৰ- ছাত্ৰীৰ লগতে বিদ্যালয়ৰ অধ্যক্ষ সত্যনাথ ডেকা আৰু শিক্ষক হেমন্ত শৰ্মা, বিষ্ণু শৰ্মা আৰু জীৱকুলৰ সভাপতি আৰু সদস্যবৃন্দ । এইবাৰ বিশ্ব পৰিবেশ দিৱসৰ বিষয় হৈছে," বায়ু প্ৰদূষণ " । বৰ্দ্ধিত গাড়ী মটৰ, কল কাৰখানা, পশুৰ পালনৰ পৰিতজ্ঞ আৱৰ্জনা, বিভিন্ন ধৰণৰ আৱৰ্জনা জ্বলোৱা আদি কাৰ্যই বায়ুৰ প্ৰদূষণ কৰি আহিছে । বায়ু প্ৰদূষণৰ ফলত মানুহৰ হ'ব পৰা বেয়া প্ৰভাৱবোৰ হ'ল - ১. শ্বাস- প্ৰশ্বাসৰ ৰোগ । ২. হ্ৰদযন্ত্ৰৰ শিৰা ধমনীৰ ক্ষয় । ৩. ভাগৰ লগা,মূৰৰ বিষ, ষ্ট্ৰেছ । ৪. চকুৰ ৰোগ, নাক আৰু ডিঙিৰ ৰোগ । ৫. প্ৰজনন অংগৰ ক্ষতি । ৬. লিভাৰ, প্লীহা আৰু তেজৰ ওপৰত বেয়া প্ৰভাৱ । ৭. স্নায়ুৰ ওপৰত বিৰূপ প্ৰভাৱ । ইয়াৰ লগতে বায়ু প্ৰদূষণৰ ফলত পৰিবেশৰ অনিষ্ট হৈছে । ইয়াৰ ফলত গোলকীয় উত্তাপ বৃদ্ধি হৈ পৰিছে, আৰু সেউজগৃহ প্ৰভাৱৰ বেয়া প্ৰভাৱ বাঢ়ি গৈ আছে । গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত এণ্টাৰটিকতাৰ বৰফবোৰ খৰ গতিত গলি আছে, আৰু তাৰ ফলত সাগৰৰ উচ্চতা বাঢ়ি যাৱ আৰু বহুতো দেশ, ঠাইত মানুহে আৰু বসবাস কৰিব নোৱাৰিব । গোলকীয় উত্তাপৰ ফলত ভাৰতৰ কৃষিৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পেলাই আহিছে, যাৰ ফলত ষ্টানফৰ্ডৰ এটা অধ্যয়নৰ মতে ভাৰতৰ অৰ্থনীতি ৩১% তললৈ কমাই দিছে আৰু কেনেকৈ বৰ্ধিত গোলকীয় উত্তাপে বিভিন্ন দেশৰ অৰ্থনৈতিক অসমানতা আনি দিছে । অনুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰী তথা শিক্ষকসকলক উদ্দেশ্যি জীৱকুলৰ সভাপতি জিতু দাসে কয় যে বায়ু প্ৰদূষণৰ ৰোধ কৰিবলৈ সকলোৱে আগবাঢ়ি অহা উচিত আৰু এই বিষয়ত সজাগতা তথা কাৰ্যসূচী গ্ৰহণ কৰা উচিত । বৃক্ষৰোপন, গাড়ী মটৰ কম চলোৱা, চাইকেল চলোৱা, খোজ কঢ়া , যতে ততে কল কল কাৰখানা নপতা আদি বিভিন্ন উপায়েৰে আমি সকলো মানুহেই বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰো । #worldenvironmentday #environmentday5june #জীৱকুল #jibakul #jibakulngo 💚🌿🌱☘️ #treeplantantation #assam #pathsalatown #jitudasblog


No comments:

Post a Comment

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...