Magh or Bhogali Bihu 2014,the great national food festival of Assam by Jitu Das


মেজি জ্ব্লোৱা





 নাৰিকল-চুজিৰ লাড়ু,

মাহ-কাড়ে,

নাৰিকলৰ পিঠা


পুহ-মাঘৰ স্ংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু । এই বিহু তিনিদিন পালন কৰা হয় । পুহত শালি ধান,মাহ , মুগ, তিল আদি শস্য চপাই আনি মানুহে ভঁৰাল ভৰায় । এই সময়ত ধনী -দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান- চাউল থাকে। সেই বাবে এই বিহুত খোৱা-বোৱাৰ ধুমধাম বেছি । এই বিহুত সান্দহ,নাৰিকলৰ পিঠা, তিল-মিঠেৰ পিঠা, তিল-নিমখৰ পিঠা, নাৰিকল-চুজিৰ লাড়ু, তিলৰ লাড়ু, আখৈ আদি অসমৰ বেছিভাগ মানুহে বেছিভাগ ঘৰতে বনাই লয় আৰু নিজে খোৱাৰ লগতে আত্মীয় -কুতুম্ব, ওচৰ-চবুৰীয়াকো নিমন্ত্ৰণ কৰি খুওৱা হয় ।

মাঘ বিহুৰ বিশেষ আকৰ্ষণ হ'ল মেজি জ্ব্লোৱা । গাঁওৰ ডেকাসকলে নৰা-কাটি পুহতে মেজি প্ৰ্স্তুত কৰে । উৰুকাৰ দিনা তেওঁলোকে লগ-ভাত খাই, গীত-পদ গাই উজাগৰে থাকে । ৰাতি পুওৱাৰ লগে লগে গা- পা ধুই মেজিত দিয়ে । জুই দপ্‌দপ্‌কৈ জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মুগ, তিল, চাউল, ঘিউ আৰু আমৰ পাত জুইত দি অগ্নিক সেৱা জনোৱা হয় ।

মেজি জ্ব্লোৱা শেষ হ'লে তাৰ ছাইৰে সকলোৱে ফোট লয় , ঘৰলৈ মেজিৰ ছাই, আধাপোৰা বাঁহ আদি লৈ যায় । সেই বাঁহেৰে আম,কঠাল আদিৰ গছত কোবায় । তেনে কৰিলে গছে বেছি দিয়ে বুলি বিশ্বাস কৰা হয় ।চহৰ তথা নগৰত নৰাৰ মেজি কৰাৰ সুবিধা নাই কাৰনে কাঠ-খৰিৰেই জুই ধৰা হয় ।

ভোগালী বিহুৰ মেজি পোৰা প্ৰ্থা অগ্নি পূজাৰেই এটি ৰূপ । অগ্নিয়ে আমাৰ পৰম উপকাৰ কৰে ।সেয়েহে পৃথিৱীৰ অনেক জাতিৰ মাজত অগ্নি-পূজাৰ নিয়ম আছে । ইয়াৰ উপৰিও মেজি পোৰাৰ পৰা আন উপকাৰো হয় । ছাই এবিধ ভাল সাৰ । মেজিৰ ছাঁয়ে খেতি-পথাৰ সাৰুৱা কৰে, সাধাৰনতে মেজিবোৰ খেতি-পথাৰতে সজা হয় । তদুপৰি জুইত শস্যৰ অনিষ্টকাৰী অনেক কীট-পত্ংগ পুৰি মৰে ।

জাতীয় উ্ৎসৱ বিহুৱে অসমীয়া সমাজত ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ বজাই ৰাখে । ইংৰাজী বৰ্ষৰ আৰম্ভনিতে জানুৱাৰি মাহৰ ১৩ তাৰিখে উৰুকা তাৰমানে আজি পুহ মাহৰ ২৮ তাৰিখ,আজি মানুহে নৈ-বিলত সমুহীয়াভাৱে মাছ মাৰি লগ-ভাত খায় ।কালি হ'ল পুহ মাহৰ ২৯ তাৰিখ( ১৪ জানুৱাৰি) হ'ল দোমাহি । কালি ৰাতিপুৱা মেজি জ্বলোৱা হ'ল, যদি সমুহীয়া ভাবে কৰা হয় তেন্তে গাঁওৰ বয়সত জ্যেষ্ঠজনক স্ৰ্দ্ধা জনাই মেজিত প্ৰ্ৰথমে জুই দিব দিয়া হয় ।তাৰ পিছৰ দিনা হ'ল ১ মাঘ । মাঘৰ ১ তাৰিখক বৰ- দোমাহিও বোলা হয় ।

ভোগালী বিহুৰ সময়ত মেজি সজা, লগ-ভাত খোৱা, পিঠা-লাড়ু সজা আদি কামে মানুহৰ মনত বহুত উ্‌ৎসাহ আনি দিয়ে যিয়ে নেকি মানুহ এজনক গোটেই বছৰটোৰ কাৰনে এক জীৱন প্ৰেৰণা যোগাব পাৰে। বছৰটোৰ আৰম্ভনি যদি ভোগালী বিহু ভালদৰে হাঁহি-ফূৰ্তি, মিলা-প্ৰিতিৰে কৰিব পৰা যায় বছৰটো সুন্দৰ হ'বই ।
সকলোকে ভোগালী বিহুৰ শুভেচ্ছ্যা থাকিল ।


No comments:

Post a Comment

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...