গুৰু পূৰ্ণিমা কি ? গুৰু পূৰ্ণিমা কিয় পালন কৰা হয় আৰু ইয়াত চন্দ্ৰৰ প্ৰভাৱ কি !

গুৰু পূৰ্ণিমা সম্বন্ধে কিছু কথা --




গুৰু পূৰ্ণিমা তিথিত সকলো গুৰুকে শ্ৰদ্ধা জনালোঁ । বিশেষকৈ এইদিনটোত আধ্যাত্মিক জ্ঞান প্ৰদান কৰা গুৰু সকলৰ প্ৰতি আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰো । বিভিন্নজনে বেলেগ বেলেগ গুৰুৰ ওচৰত শিক্ষা লাভ কৰে আৰু গুৰু মানি লয় । শৈৱ সকলে শিৱক নিজক গুৰু মানি লয়, বৈষ্ণৱ সকলে ভগৱান শ্ৰীকৃষ্ণ বা নাৰায়ণক, শাক্ত সকলে দেৱীক গুৰু মানি লয় । ব্যাসদেৱক কিছুমানে প্ৰথম আধ্যাত্মিক গুৰু হিচাপে লয় ।






বিষ্ণু পুৰাণৰ মতে ব্যাসদেৱক ভগৱান নাৰায়ণৰ এটা অৱতাৰ হিচাপে মানি লোৱা হয় । গুৰু পূৰ্ণিমা উৎসৱ প্ৰকৃততে ব্যাসদেৱৰ ( সম্পূৰ্ণ নাম - ,কৃষ্ণ দাপ্যয়ন ব্যাস ) বাবে বিশেষকৈ পালন কৰা হয় । ব্যাসদেৱ আছিল মহাভাৰতৰ ৰচয়িতা আৰু বেদক মানুহৰ বোধগম্য হোৱাৰ বাবে তেওঁ চাৰি ভাগত ভাগ কৰিছিল ।
ব্যাসদেৱৰ পিতৃ আছিল পৰাশৰ মুনি আৰু মাতৃ মৎসকন্যা সত্যৱতী । ।
ধৃতৰাষ্ট্র, পাণ্ডু আৰু বিদূৰ তেওঁৰেই পুত্ৰ আছিল । তেওঁ পাণ্ডৱ আৰু কৌৰৱৰ গুৰুও আছিল । ব্যাসদেৱৰ পৰাই সঞ্জয়ে দিব্যদৃষ্টি লাভ কৰিছিল আৰু অন্ধ ধৃতৰাষ্ট্রক গোটেই মহাভাৰতৰ যুদ্ধৰ কথা বিৱৰী কৈছিল ।






ব্যাসদেৱে মহাভাৰত , সকলোবোৰ উপনিষদ আৰু ১৮ খন পুৰাণ কৈ গৈছিল আৰু গণেশে লিখি গৈছিল । যেতিয়া গণেশক মহাভাৰত লিখিবলৈ ব্যাসদেৱে অনুৰোধ কৰিছিল, গণেশে কৈছিল যে তেওঁ লিখিব কিন্তু তেওঁৰ কলম ৰখি যাৱ নালাগিব , ব্যাসদেৱেও মানি লৈছিল কিন্তু এটা চৰ্তত যে শ্লোকটো বুজি পাইহে তেওঁ লিখিব পাৰিব , ইমান দ্ৰুত গতিত গণেশে লিখিছিল যে মাজে মাজে ব্যাসদেৱে শ্লোক এটা টান কৰি কৈছিল ।





গুৰু পূৰ্ণিমাত চন্দ্ৰৰ কথাও আহি পৰে । পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰ যেতিয়া প্ৰদক্ষিণ কৰি ঘূৰে আৰু মাহৰ যেতিয়া সূৰ্য্যৰ পোহৰে পৃথিৱীৰ ফালে থকা চন্দ্ৰৰ ফালটো উজ্বলাই তোলে, তেতিয়া আমি পূৰ্ণিমা হোৱা বুলি কওঁ । আমি চন্দ্ৰৰ সদায় এটা ফালহে দেখা পাওঁ ইয়াৰ কাৰণ হৈছে পৃথিৱী আৰু চন্দ্ৰই একেটা সময়তে নিজৰ অক্ষত ( axis ) ঘূৰে ।
পূৰ্ণিমা ( full moon ) ৰ পৰা গোটেই পৃথিৱী প্ৰভাৱিত হয় । সাগৰৰ পানী, জীৱ-জন্তু, মানুহৰ শৰীৰ -মন সকলোতে পূৰ্ণিমাৰ প্ৰভাৱ পৰে । বহুতৰে আৱেগিক ভাৱ আৰু সৃষ্টিশীলতা বাঢ়ি যায় । পূৰ্ণিমাৰ সময়ত বহুতে অসহজবোধ ( uneasiness ) কৰে । বিশেষকৈ ভাৰতীয় সংস্কৃতিত পূৰ্ণিমাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ বা লঘনে থকাৰ নিয়ম আছে । এইবিলাক নিয়মৰ বৈজ্ঞানিক কাৰনো নোহোৱা নহয় , হয়তো এই কথাবিলাক অধ্যয়ন নকৰাকৈ দলিয়াই দিয়াটো উচিত নহয়, কিন্তু বেয়া লগা কথা এইটোৱে যে বৰ্তমান আধুনিক শিক্ষা ব্যৱস্থাত এইবোৰ জ্ঞান কোনো সন্ধান বা অধ্যয়ন নকৰাকৈ অন্ধবিশ্বাস ( superstition) বুলি কৈ দলিয়াই দিবলৈ কোৱা যায় ।
সেই যিয়ে নহওঁক, আজি গুৰু পূৰ্ণিমাৰ দিনাখন সকলো গুৰুকে মোৰ শ্ৰদ্ধা জনাইছোঁ , যিসকলে মোৰ জ্ঞান অলপ হ'লেও বৃদ্ধি কৰাত সহায় কৰিছে । এই সামান্য আধ্যাত্মিক জ্ঞান খিনি নোপোৱা হ'লে হয়তো কেৱলমাত্ৰ ভৌতিকবাদী ( materialistic) চিন্তাতে জীৱন অতিবাহিত হৈ গলেহেঁতেন ।




©জিতু দাস

No comments:

Post a Comment

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...