Thursday, August 18, 2022

Krishna and Bramha multiverse story in Assamese by Jitu Das blog




এদিন ব্ৰহ্মাই চাব বিচাৰিছিল যে প্ৰকৃততে কৃষ্ণই পৰম পিতা বিষ্ণু নেকি? তেওঁ পৰীক্ষাৰ বাবে তেওঁ ব্ৰহ্ম লোকৰ পৰা পৃথিৱীলৈ যাত্ৰা কৰিছিল।

ব্ৰহ্মাই দেখে যে এজন ল’ৰা যিয়ে গৰু চুৰি কৰি আছিল, বৃন্দাবনৰ গোপী সকলৰ পৰা মাখন চুৰি কৰিছিল আৰু আহি গৰুক দিয়া খাদ্য খাই আছিল। ব্ৰহ্মাই ভাবিলে এই দুষ্ট ল'ৰাজন স্বয়ং প্ৰভু কেনেকৈ হ’ব পাৰে । গতিকে, ব্ৰহ্মাই কৃষ্ণক এটা পাঠ শিকোৱাৰ বাবে এক খেল ৰচনা কৰে , তেওঁ প্ৰথমে গৰুবোৰক অদৃশ্য কৰি লগত লৈ যায়। তাৰ পিছত কৃষ্ণই যেতিয়া গৰু বিচাৰি যায় , বলৰামকে ধৰি গাওঁ বৃন্দাবনত থকা তেওঁৰ তিনিজন বন্ধুক গভীৰ নিদ্ৰাত পেলাই দুটা গৰু আৰু তেওঁৰ বন্ধুসকলক ব্ৰহ্মাই নিজৰ সৈতে ব্ৰহ্ম লোকলৈ লৈ যোৱা হয়।

 কৃষ্ণই যেতিয়া গৰুবোৰ অনুসন্ধান কৰি উভতি আহিল, তেতিয়া তেওঁ দেখিলে যে তাত কোনো নাই। কিন্তু তেওঁ দিব্য দৃষ্টিৰ জৰিয়তে ইতিধ্যেই জানিছিল যে এই সকলোবোৰ ব্ৰহ্মাৰে পৰিকল্পনা ।

 তেতিয়া কৃষ্ণই নিজেই এনে অধিক অৱতাৰ বনাই লয় যিয়ে তেওঁৰ তিনিজন নিৰুদ্দেশ বন্ধু আৰু গৰুৰ ঠাই লৈছিল। যেতিয়া ব্ৰহ্মাই পৃথিৱীৰ পৰা ব্ৰহ্ম লোকলৈ গৈছিল, তেওঁ মাত্ৰ কেইছেকেণ্ডমান সময়হে তাত আছিল । কিন্তু ব্ৰহ্মাই যেতিয়া পুনৰ পৃথিৱীলৈ আহে তেওঁ দেখে যে পৃথিৱীত একবছৰ কাল পাৰ হৈ গৈছে । ইফালে বৃন্দাবনত এক সুন্দৰ পৰিবেশ চলি থাকে আৰু প্ৰেম আৰু আনন্দৰ পৰিবেশত এবছৰ কাল পাৰ হৈ যায় । 

তেওঁ‌ পৃথিৱীলৈ ঘূৰি আহে আৰু দেখে যে একো সলনি হোৱা নাই, কৃষ্ণই তেওঁৰ তিনিজন বন্ধুৰ লগত খেলি আছিল আৰু সকলো গৰু একেই আছিল । ব্ৰহ্মাই যেতিয়া এই‌ দৃশ্য দেখা পায় তেওঁ হতবুদ্ধি হৈ পৰে ।

( ব্ৰহ্ম লোকৰ এদিন = ৪৩.২ বিলিয়ন মানৱ বৰ্ষ।

 ব্ৰহ্ম লোকৰ এক মিলিছেকেণ্ড= মানৱ জীৱনৰ ১ বছৰ।

এই ঘটনাটো সময়ৰ আপেক্ষিকতাবাদ তত্ত্বৰ দ্বাৰা বুজিব পাৰি আৰু উদাহৰণ হিচাপে দেখুৱাইছে যে ব্ৰহ্মাই কেইছেকেণ্ডমানৰ ভিতৰতে পৃথিৱী এৰি যোৱা কিন্তু ঘূৰি অহাত ১ বছৰ মানৱ বছৰ লাগিছিল। এইটো এটা উদাহৰণ যে সময় ঠায়ে ঠায়ে বদলি হয় ।)

 

এনেকুৱা অলৌকিকতা দেখি ব্ৰহ্মাই কৃষ্ণৰ চৰণত আত্মসমৰ্পণ কৰি তপস্যা কৰে। তেওঁ কৃষ্ণক তেওঁৰ প্ৰকৃত অৱতাৰ দেখুৱাবলৈ কয়। পিছত কৃষ্ণই সকলো গৰু আৰু তেওঁৰ বন্ধুসকলে চাৰিওটা অস্ত্ৰধাৰী বিষ্ণু অৱতাৰ আৰু স্বয়ং কৃষ্ণকো দেখুৱাইছিল। ব্ৰহ্মাই তেতিয়া সকলোতে ভগৱান বিষ্ণুক দেখিছিল। ব্ৰহ্মাই ক্ষমা বিচাৰে আৰু কৃষ্ণই তেওঁক কয় ” পিছলৈ চাওক”। যেতিয়া ব্ৰহ্মাই পিছুৱাই গ’ল তেতিয়া তেওঁ নিজৰ আৰু বহুতো অৱতাৰ দেখিলে,তাত অগণন ব্ৰহ্মা আছিল
যিসকল হৈছে সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ একো একোজন ‌ব্ৰহ্মা‌‌ ।

  তেতিয়া উপলব্ধি কৰে যে বিষ্ণুৱে তেওঁৰ চকু খোল খোৱালে আৰু ব্ৰহ্মাই বুজি পালে যে তেওঁ সমস্ত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা নহয়, তেওঁ মাত্ৰ এখন বিশ্বব্ৰহ্মাণ্ডৰহে সৃষ্টিকৰ্তা আৰু এনেকুৱা বিশ্বব্ৰহ্মাণ্ড‌‌ সমান্তৰালভাৱে অগনন আছে। প্ৰতিখন বিশ্বব্ৰহ্মাণ্ডৰ নিজস্ব ব্ৰহ্মা আছে আৰু একাধিক বিষ্ণুও আছে।

 ইয়াৰ পৰা দেখা যায় যে সময়ৰ আপেক্ষিকতাবাদ আৰু যে সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ অস্তিত্ব আছে তাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ। 

কৃষ্ণ জন্মাষ্টমী উপলক্ষে মই যিমান দূৰ বুজি পাও তাৰ পৰা এই‌ কৃষ্ণ কথাখিনি আগবঢ়ালোঁ ।।। ❤️🙏

#কৃষ্ণ #ancientscience‌ #জন্মাষ্টমী

No comments:

Post a Comment