Search This Blog

জীৱন সম্বন্ধে - ভিৰৰ মাজত নিজকে হেৰাই নেপেলাব !!


সদায় যদি famous মানুহ, ঠাইৰ পিছতে যদি দৌৰে, নিজৰ পচন্দ  কেতিয়াও বিচাৰি পোৱা সম্ভৱ নহয় ।  নিজৰ পচন্দ বা আগ্ৰহ ( interest) থকা বিষয়বোৰ  জনপ্রিয় বা ট্রেণ্ডত নাথাকিব পাৰে, ইয়াৰ অৰ্থ  এইটো নহয় যে এইবোৰ মূল্যহীন । নিজৰ পচন্দ আৰু আগ্ৰহবোৰ জনপ্রিয় বস্তু, বিষয়, মানুহবোৰতকৈ সদায় ওপৰত । এজন ব্যক্তিয়ে নিজস্ব আগ্ৰহবোৰ বিচৰাৰ সলনি সদায় unique, ট্রেণ্ডত থকা , বাতৰিত থকা, বেছিকৈ প্ৰচলিত হোৱা বিষয়ৰ পিছত সদায় দৌৰি থাকিলে নিজস্ব স্বকীয়তা ( uniqueness)  কেতিয়াও উপলব্ধি ( realization)  কৰিবলৈ নোৱাৰে । 

সকলোৱে এটা গানকে পচন্দ কৰিব নোৱাৰে, আমাৰ পচন্দবোৰৰ মাজতে আমাৰ ব্যক্তিত্বৰ ( personality) কিছু আভাস পাওঁ । কিন্তু যদি সকলোৱে যদি সৰ্বাধিক প্ৰচলিতবোৰ নিজৰ পচন্দ হিচাপে মানি লয়, তেতিয়া মানুহ হোৱাৰ অযুত সুখৰ পৰা বঞ্চিত হোৱা ।। যেতিয়ালৈকে নিজৰ  পচন্দ বা আগ্ৰহবোৰ বেছিভাগৰে লগত মিলি থাকিব, তেতিয়া বুজা উচিত যে জীৱনত কোনো ব্যক্তিগত বা স্বকীয় উপলব্ধি হোৱা নাই ।। যেতিয়া ব্যক্তি এজনৰ পচন্দবোৰ সকলোৰে নিমিলা হৈ আহিব, সেই ব্যক্তি জনৰ জীৱনত ব্যক্তিগত উপলব্ধি, পচন্দ আৰু আগ্ৰহ বাঢ়ি গৈছে  আৰু ইয়ে জীৱনক সলনি কৰে আৰু তেনেকুৱা জীৱন অদ্বিতীয় হয় ।। 

13-8-21

No comments:

Post a Comment

Jitu Das profile picture

Jitu Das

“Find the right frequency that resonates with your soul.”

Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.