Lao Tzu Book Tao Te Ching Assamese review

 
জীৱনত পঢ়া কিতাপবোৰৰ ভিতৰত লাও্ত চু ৰ তাও তে চিং এনে এখন উচ্চ পৰ্যায়ৰ কিতাপ যিয়ে সমগ্ৰ জগতৰ ধাৰনাবোৰক এক সুকীয়া পৰিচয় কৰাই দিয়ে । যেনে হাজাৰ মাইলৰ যাত্ৰা এখোজৰ পৰাই আৰম্ভ হয় । 
লাও্ত চু ৰ মতে জগতৰ নিয়মবোৰ ওলোটা, এজন প্রকৃত নেতা সেইজন যিয়ে সেৱা আগবঢ়ায়। প্ৰকৃত বলবান সেইজন যিয়ে নিজক জয় কৰিব পাৰে, আনক নহয় । প্ৰকৃত শক্তি চিঞৰা নহয়, মৌনতহে । 
পানীয়ে যেনেকৈ বছৰ বছৰ বৈ শিল কাটি পেলাই, যদিওবা শিল পানীতকৈ টান । জগতৰ, প্ৰকৃতিৰ নিয়মবোৰো তেনেকুৱা, দেখাত কোনো প্ৰভাৱশালী নহয়, কিন্তু সমস্ত বিশ্বব্ৰহ্মাণ্ড প্ৰকৃতিৰ নিয়মতে চলি আছে, যাক লাওত চুয়ে টাও বুলি কয় ।।
লাও্ত চু ৰ মতে টাওক বাখ্যা কৰিব নোৱাৰি, সেইটো গোটেই ব্ৰহ্মাণ্ডক বুজাব চেষ্টা কৰা যেনেই হ'ব ।

No comments:

Post a Comment

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...