Diwali Essay in Assamese language 2019







দীপাৱলী হৈছে পোহৰৰ উৎসৱ, এই উৎসৱ প্ৰতি বছৰে পালন কৰা হয় চাৰি ৰ পৰা পাঁচ দিন ধৰি । দীপাৱলী জাতি ধৰ্ম নিৰ্বিশেষে প্ৰায় সকলোৱে পালন কৰে, হিন্দু, জৈন , শিখ, বৌদ্ধ ধৰ্মৰ মানুহ সকলোৱে । হিন্দু ধর্মৰ আটাইতকৈ উজ্বল উৎসৱ দীপাৱলীয়ে  আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়,  অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় আদি সূচায় । পোহৰ হৈছে জ্ঞানৰ প্ৰতীক, আৰু এই জ্ঞানে মানুহৰ ভিতৰত থকা ভয়, ভ্ৰান্তি আদি আঁতৰাই তোলে আৰু মানুহৰ  মহান জীৱনী শক্তিৰ উত্তৰণ ঘটায় ।


হিন্দু ধর্মৰ মতে, যেতিয়া ১৪ বছৰ বনবাস কটায় আহি ভগৱান ৰাম, দেৱী সীতা আৰু লক্ষ্মণ  পাপী ৰাৱণৰ বধৰ পিছত অযোধ্যালৈ ঘূৰি আহে, তেতিয়াই দীপাৱলীৰ আৰম্ভ হয় ।আৰু পদ্ম পুৰাণ ৰ মতে, দীপাৱলী ৰ নিশা সাগৰ মন্থনৰ ফলত ধনৰ দেৱী লক্ষ্মীৰ জন্ম হয় আৰু  লক্ষ্মীদেৱীয়ে ভগৱান বিষ্ণুক চয়ন কৰে আৰু  বিবাহপাশত আবদ্ধ হয় ।

পদ্ম পূৰণ আৰু স্কন্দ পুৰাণৰ মতে , চাকিবোৰ হৈছে সূৰ্যৰ অংশ প্ৰতীক, যি হৈছে মহাজাগতিক পোহৰ আৰু শক্তিৰ  ভাণ্ডাৰ । 

আন আন ধৰ্মৰ মানুহেও দীপাৱলী উদযাপন কৰে । 
জৈন ধৰ্মৰ মানুহে দীপাৱলীক মহাবীৰ নিৰ্বানা দিৱস হিচাপে পালন কৰে ।
শিখ সকলে গুৰু হৰগোবিন্দৰ মোগলৰ জেলৰ পৰা মুক্তি পোৱা দিনটো উদযাপন কৰে ।

বৌদ্ধ  ধৰ্মালম্বী সকলে সাধাৰণতে দীপাৱলী উদযাপন নকৰে যদিও নেপালত নতুন বৌদ্ধ ধৰ্মাৱলম্বী সকলে ৫ দিনলৈকে দীপাৱলী উদযাপন কৰে ।


দীপাৱলী বুলি কলে গোটেই ভাৰতবৰ্ষত উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হয় । সমগ্ৰ দেশতে মানুহৰ বজাৰ কৰাৰ আগ্ৰহ তীব্ৰ হৈ উঠে । অনলাইনত আৰু আফলাইন সকলোতে সকলো সামগ্ৰীৰ দামত ৰেহাই দিয়া হয় আৰু হাজাৰ হাজাৰ  কোটি কোটি টকাৰ সামগ্ৰীৰ বিক্ৰী হয় এই মাহটোত । 

যি কি নহওঁক দীপাৱলী  উদযাপনৰ পৰম্পৰা মানৱ সভ্যতাৰ আদি কালৰ পৰাই চলি আছে আৰু চলি থাকিব আৰু মানুহৰ মনত আনন্দ , একতা আৰু জীৱনৰ অন্ধকাৰ মুহূৰ্তত যুঁজিবলৈ প্ৰেৰণা যোগাই থাকিব ।

দীপাৱলী ২০১৯ যেন সকলোৰে বাবে এক আনন্দ, প্ৰেম আৰু স্মৰণীয় হৈ ৰয় তাৰ বাবে কামনা কৰিলোঁ - জিতু দাস ।







1 comment:

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...