Assamese Inspiring book ( জীৱনৰ প্ৰেৰণা) Chapter 1 by Jitu Das Books




অধ্যায় ১ : জীৱনৰ কঠিন সময়

আপুনি হয়তো জীৱনৰ এনে এটা মূহুৰ্তত য'ত আপোনাৰ কোনো কৰি নাই, টকা পইচা নাই, বা এখন মতৰকেইকেল নাই, নাই আপোনাৰ কোনো প্ৰেয়সী । আপুনি ভাবিব পাৰে মোৰ ক্ষেত্ৰতহে কিয় এনেকুৱা হয়, আপুনি হয়তো ভাবিব পাৰে আপুনি এই জীৱনত অকলশৰীয়া আৰু কোনোৱে আপোনাক বুজি নাপায় বা ভাল নাপায়। কিন্তু আপুনি হয়তো নাজানে যে জীৱনৰ এনেকুৱা মুহূৰ্ত সকলোৰে বাবে আহে । এই মুহূৰ্তবোৰ আচলতে কিয় আহে ,সেইটো জনাতকৈ কেনেকৈ জীৱনৰ কঠিন মুহূৰ্তবোৰত জীৱনৰ উচ্চাকাংক্ষাবোৰে জীয়াই ৰাখিব লাগে সেইটো জনাটোহে আপোনাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ । জীৱনৰ কঠিন সময়বোৰ আচলতে কেনেকুৱা ? মই নিজে জনা নাছিলো যেতিয়ালৈকে মই অসফল হোৱা নাছিলো । জীৱনত যেতিয়া কেৱল অফলতা আৰু দূৰ্ভাগ্যই আগুৰি ধৰে, এনেকুৱা সময়বোৰে হৈছে জীৱনৰ কঠিন সময় । এনুকুৱা সময়ত আপোনাৰ মনত থাকে কেৱল উৎকণ্ঠা, দূঃচিন্তা আৰু হীনমন্যতা । জীৱনৰ কঠিন সময় সেইবোৰ আপোনাৰ সুখৰ মুহূৰ্তবোৰ তাকৰ, কিন্তু দক্ষ আৰু যন্ত্ৰণাবোৰহে বেছি । কিন্তু কথাটো হ'ল এনেকুৱা, যেতিয়া আপুনি কোনোবা ক্ষেত্ৰত সফল হ'ব নোৱাৰিলে, তাৰ বাবে আপুনি সফল হোৱা ব্যক্তিজনক হিংসা কৰা অনুচিত, কিয়নো সেই হিংসাৰ পৰা আপোনাৰ মনটোহে কলুষিত হ'ব আৰু এটা কলুষিত মন লৈ আপুনি জীৱনত উধাব কেনেদৰে , কথাটো ভাবি চাওক। আনৰ সফলতাত হ্ৰদয়ৰ পৰা সুখী হওঁক , তেতিয়াও জীৱনেও এটা ভাল দিশ ল'ব ।

It is always better for you to be happy when others succeeds than to be jealous.
Be inspired to be successful when others succeeds than be jealous.

জীৱনৰ কঠিন সময়ত উধাবলৈ আপোনাৰ প্ৰয়োজনীয় বস্তুবোৰ হ'ল -

1. উচ্চাকাংক্ষা ( Ambition)

জীৱনৰ কঠিন সময়ত আটাইতকৈ টান আৰু প্ৰয়োজনীয় কামটোৱে হ'ল আপোনাৰ মনটো ভাল,উচ্চ চিন্তনেৰে ভৰাই ৰখা । জীৱনৰ উচ্চাকাংক্ষা বোৰ অবিহনে জীৱন সেৰেঙা । জীৱনৰ উচ্চকাংক্ষা বোৰ অবিহনে জীৱনত উন্নতিৰ গতি নাইকিয়া । উচ্চাকাংক্ষাবোৰ হৈছে জীৱনৰ জুই, জীৱনৰ ইন্ধন জীৱন পথত আগুৱাই যোৱাৰ বাবে ।জীৱন জখলাত দোপে দোপে আগবাঢ়িবলৈ হ'লে উচ্চাকাংক্ষাই হৈছে মূল চালিকা শক্তি ।

2. সুচিন্তা ( Good Thoughts)

মনত সুচিন্তা অবিহনে জীৱনেও সুপথ নলয় । সুচিন্তা আচলতে কি ? সুচিন্তা হ'ল এনেবিলাক চিন্তা, যি চিন্তাই আপোনাৰ হ্ৰদয় গধুৰ কৰি নোতোলে, বৰঞ্চ আপোনাৰ হ্ৰদয় পাতলি যায়, মনৰ উৎকণ্ঠা দূৰ হয় । যিবিলাক চিন্তাই আপোনাৰ মনৰ উৎকণ্ঠা বঢ়াই তোলে, সেইয়াই হৈছে দূঃচিন্তা । সুচিন্তা হ'ল জীৱনটো সুন্দৰ কৰাৰ এটা মধুৰ উপায় ।

3. আত্মবিশ্বাস ( Confidence)

জীৱনৰ কঠিন সময়ত আপোনাক মাটিৰ ওপৰত থিয় কৰি ৰাখিব পৰা বস্তুটোৱে হ'ল আপোনাৰ আত্মবিশ্বাস । আত্মবিশ্বাস অবিহনে জীৱনৰ কোনো মহানতা নাই । আত্মবিশ্বাস দৰাচলতে কি ? আৰু কি নহয় ? আত্মবিশ্বাস হ'ল নিজে জনা কথাটোক কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰাৰ সাহস । আত্মবিশ্বাস মানে নজনা কথাটোক জনাৰ ভাওঁজোৰা নহয় । আত্মবিশ্বাস মানে অহংকাৰ নহয় । আত্মবিস্বাস মানে লৰালৰি কৰা নহয় । আত্মবিশ্বাস নিজৰ কাৰ্যকুশলাত বিশ্বাস কৰি জীৱনত আগবাঢ়ি যোৱা । জীৱনৰ যিকোনো কামত আত্মবিশ্বাসৰ প্ৰয়োজন । আপুনি যদি কিবা এটা নতুন হাতত ল'ব বিচাৰিছে আপোনাক টকাৰ প্ৰয়োজন, কিন্ত তাতকৈ প্ৰয়োজন আপুনি হাতত ল'ব বিচৰা কামটোৰ বাবে আপোনাৰ কাৰ্যকুশলতা ।

4. সাহস ( Courage)

জীৱনৰ বৰ্তমানত জীয়াই আছো আৰু কাইলৈ কি হ'ব কোনে ক'বা পাৰিব । জীৱনৰ এই ভৱিষ্যতৰ অজ্ঞতাৰ ভয়ে মানুহক কোঙা কৰি তোলে । সাহস হ'ল জীৱনৰ অন্ধকাৰবোৰক ভয় নকৰি এখোজ এখোজকৈ আগবাঢ়ি যোৱা । সাহস অবিহনে জীৱনৰ কঠিন সময় কেতিযাও শেষ নহয় ।

5. ধৈৰ্য ( Patience )

জীৱনত ধৈৰ্য অবিহনে এটা সুন্দৰ জীৱন যাপন কৰাটো সহজ নহয় । ধৈৰ্যশালী হোৱা মানে আচলতে কি ? ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি এটা বেয়া পৰিবেশত বা পৰিস্থিতিত ধৈৰ্য ধৰি থাকিব । ধৈৰ্যশালী হোৱা মানে হ'ল জীৱনৰ কঠিন সময়ত নিজৰ বুদ্ধিৰ, নিজৰ কাৰ্যকুশলতাত ধৈৰ্য ধৰি বিশ্বাস কৰি যোৱা । বহুত মানুহে জীৱনত কিবা এটা মনে প্রানে বিচাৰে, কিন্তু কাৰ্যত লাগি থকাৰ ধৈৰ্যৰ অভাৱত জীৱনৰ আশাবোৰ আশা হৈ ৰয় । সপোন দেখাটো সহজ, কিন্তু সপোন ফলিয়াবলৈ কৰ্মৰ প্ৰয়োজন আৰু কাম কৰি যাবলৈ ধৈৰ্যৰ প্ৰয়োজন ।

6. আত্মনিৰ্ভৰশীলতা ( Self Reliance)

বেছিভাগ মানুহে জীৱনৰ কঠিন সময়ত এনেকৈ ভাৱি থাকে যে কোনোবাই আহি তেওঁলোকক উদ্ধাৰ কৰিব, কোনোবাই তেওঁক মাতি আনি চাকৰি দিব। জীৱনত আত্মনিৰ্ভৰশীলতা অবিহনে মানুহে কেৱল দুখ আৰু হীনমন্যতাত ভোগে । আত্মনিৰ্ভৰশীলতাই জীৱনত আনি দিয়ে আৰু আগবাঢ়ি যোৱাৰ প্ৰেৰণা । কিন্তু আত্মনিৰ্ভৰশীলতা কেনেকৈ গঢ়ি তুলিব ? আত্মনিৰ্ভৰশীলতা লাভ কৰাৰ আগতে আপোনাৰ মনৰ পৰা হীনমন্যতাৰ চিন্তাবোৰ দূৰ কৰিব লাগিব আৰু যি কাম বা বিদ্যাত পাৰ্গত হ'ব বিচাৰিছে , সেই কামত হাত দিয়ক, বেছি পৰ্যালোচনা কৰি নাথাকিব, কিয়নো বেছিকৈ ভাৱিলে আপুনি কৰ্মক্ষেত্ৰত কেতিয়াও আগ নাবাঢ়িব । একেবাৰতে আপুনি কোনো কামতে পাৰ্গত বা আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে, কিন্তু অভ্যাসৰ জৰিয়তে যিকোনো কামতে আপুনি পাৰ্গত হ'ব পাৰে ।


7. আত্মসন্মানবোধ ( Self Respect )

জীৱনৰ কঠিন সময়ত অধীৰ নহ'ব । বহুতে জীৱনৰ কঠিন সময়ত নিজৰ কাৰ্যকুশলতাত বিশ্বাস এৰি, নিজৰ সপোনক পাহৰি যায়। বহুতে এনেকুৱা সময়ত এনে যি কয় তাকে কৰিবলৈ আগবাঢ়ে । এনেকুৱা সময়ত বহুতে নিজৰ আত্মসন্মানক পাহৰি যিকোনো কাম কৰিবলৈ আগবাঢ়ি যায় । আত্মসন্মানবোধ আচলতে কি ? আতমসন্মানবোধ আচলতে কি ? আত্মসন্মানবোধ হ'ল নিজে যি কামৰ বাবে যোগ্য তাক কৰা, আত্মসন্মানবোধ থকা মানুহে আনৰ পৰা আশা কৰা নাথাকে, আত্মসন্মানবোধ থকা মানুহবোৰ আত্মনিৰ্ভৰশীল হয় । আত্মসন্মানবোধ হ'ল নিজৰ কাৰ্যকুশলতা, বুদ্ধিমত্তাৰ ওপৰত থকা বিশ্বাস । আত্মসন্মানবোধ থকা মানুহে নিজকে জানে, তেওঁ বুজি পায় তেওঁ কিহৰ বাবে যোগ্য ।

কিতাপখনৰ প্ৰথম অধ্যায়টো কেনে পালে, মোক আপুনি এই লিংকটো ত ক'ব পাৰিব -

https://facebook.com/jitudasblog

No comments:

Post a Comment

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...