Search This Blog

Showing posts with label ASSAMESE. Show all posts
Showing posts with label ASSAMESE. Show all posts

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৭ সংখ্যক জন্মদিনত শ্ৰদ্ধা নিবেদন জনালোঁ ।।


জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এজন অদ্বিতীয় সৃষ্টিশীল ব্যক্তি আছিল  । যিসময়ত অসমীয়া ভাষাৰ সৃষ্টিশীল কামৰ বাবে তেওঁ যি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল তাৰ বাবে তেওঁ সদায় স্মৰণীয় । ১৯৩৫ চনত জয়মতী চিনেমাখনেৰে অসমীয়া চিনেমাৰ তেওঁ আৰম্ভণি কৰিছিল । ৩০০ ৰো অধিক সুন্দৰ সংগীত, যাক আমি জ্যোতি সংগীত বুলি জানো । সৰুৰে পৰা শুনি আহিছোঁ,কিন্তু সদায় এক সুন্দৰ অনুভৱ আনি দিয়ে জ্যোতি সংগীতবোৰে । সেই সৃষ্টিৰ সমাদৰ সদায় থাকিব । 

চলচ্চিত্ৰ, নাটক, সংগীত, কবিতা সকলো দিশতে সুন্দৰৰ সৃষ্টিশীলতা আনি দিয়া  শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজিৰ ১৭ জুন তাৰিখত ১৯০৩ চনত জন্ম হৈছিল । তেওঁৰ মৃত্যু হয় ১৭ জানুৱাৰী ১৯৫১ মাথো ৪৮ বছৰ বয়সতে , তেওঁৰ সন্মানৰ্থে প্ৰত্যেক বছৰে  ১৭ জানুৱাৰীত শিল্পী দিৱস হিচাপে পালন কৰা হয় ।
তেওঁ আৰু কিছুদিন থকাহ'লে অসমীয়া চিনেমাৰ স্তৰ আৰু  ওপৰলৈ গ'লহেঁতেন ।

তেওঁৰ আজি জন্মতিথিত মই হ্রদয়ৰ পৰা সন্মান জনালোঁ ।।🙏

ভক্তিযোগ কি ? আৰু গীতাৰ ভক্তিযোগ অধ্যায় ১২ ,শ্লোক ৫ ৰ অসমীয়া অনুবাদ















ভগৱানৰ অচিন্তনীয় অব্যক্ত নিৰ্বিশেষ ধাৰণাক অনুসৰণ কৰা আধ্যাত্মিকসকলক বোলা হয় জ্ঞানযোগী আৰু  যিসকলে সম্পূৰ্ণ ৰূপে কৃষ্ণভাৱনাসম্পন্ন হৈ ভগৱানৰ ভক্তি কৰাত ব্ৰতী হৈ থাকে তেওঁলোকক বোলা হয় ভক্তিযোগী । 

ভগৱান বা পৰমসত্যৰ নিৰাকাৰ ৰূপটো বুজিবলৈ জ্ঞানযোগৰ সাধনা কৰা হয়। জ্ঞানযোগীয়ে বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য জানিবলৈ চেষ্টা কৰে । কিন্তু শেষ নোহোৱা ব্ৰহ্মাণ্ডৰ জ্ঞান অৰ্জন কৰাটো অতি কষ্টকৰ যদিও পৰমউপলব্ধি একেটাই । Quantum পদাৰ্থবিজ্ঞানৰ  এটা উপলব্ধি যেনে Separation is an illusion - পাৰ্থক্যবোৰ কেৱল মাত্ৰ এটা বিভ্রম । উপনিষদতো সেই একেটা কথাকে কোৱা হৈছে যে জ্ঞানীসকলে প্ৰথমতে সকলো বিষয়তে পাৰ্থক্য দেখা পায়, কিন্তু পৰমজ্ঞানৰ অনুভৱ কৰা জনে বুজি পায় যে সকলো বস্তু ,জড়,জীৱ এটাই এটাৰ লগত জড়িত । সকলোতকৈ ডাঙৰ বিভ্রম হৈছে বিশ্বব্ৰহ্মাণ্ড আৰু আমি পৃথক ।

সেয়েহে ভগৱান শ্ৰী কৃষ্ণই গীতাৰ ভক্তিযোগ অধ্যায়ৰ শ্লোক ৫ ত কৈছে -

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ||
अव्यक्ता हि गतिर्दु:खं देहवद्भिरवाप्यते || 

অৰ্থ - যিসকলৰ মনবিলাক পৰমতত্বৰ অব্যক্ত বা নিৰাকাৰ ৰূপটোৰ প্ৰতি আসক্ত তেওঁলোকৰ বাবে আধ্যাত্মিক অগ্ৰগতি লাভ কৰাটো  জটিলতাৰে ভৰা । দেহধাৰীসকলৰ বাবে এই অব্যক্ত ৰূপৰ সাধনা বৰ কষ্টকৰ ।

১৪/০৬/২০২০


©জিতু দাস

Narad bhakti sutra jitu das blog (সঁচা প্ৰেম কি নাৰদ ভক্তি সূত্ৰৰ মতে !! )















নাৰদ ভক্তিসূত্ৰ  মতে প্ৰেম কি ??
নাৰদ ভক্তি সূত্ৰমতে সঁচা প্ৰেমৰ তিনিটা লক্ষণ হৈছে -
১. গুণৰহিত
২. কামনাৰহিত
৩. প্ৰতিক্ষণবৰ্ধনাম

১. গুণৰহিত অৰ্থাৎ গুণ চাই ভাল পালে সেই প্ৰেম নহয়, কিয়নো গুণ যেনে সৌন্দৰ্য, শক্তি, জনপ্ৰিয়তা, টকা পইচা , প্ৰতিষ্ঠা এইবিলাক সময়ৰ লগত একে নাথাকে । গুণ চাই ভাল পালে সময়ৰ লগতে সেই  গুণ কমি গলে প্ৰেম কমি যাব । আজি বেছি,কালি কম , সেইয়া প্ৰেম নহয় ।।

২. কামনৰহিত অৰ্থাৎ , যি ইচ্ছা কৰা যায় আনজনৰ পৰা পোৱা যায়, যদি তেতিয়া ভালপোৱা হয়, সেইয়া প্ৰেম নহয় । যদি ইচ্ছাপূৰ্ণ নহ'লে  প্ৰেম কমি যায় বা নোহোৱা হৈ যায়, সেইয়া প্ৰেম নহয় । প্ৰেম নিজৰ কামনা বা ইচ্ছাসাধন কৰা মাধ্যম নহয় । প্ৰেমত নিজৰ বাবে কোনো ইচ্ছা থাকিব নোৱাৰে, কিন্তু বেছিভাগ মানুহে প্ৰেমৰ নামত নিজৰ ইচ্ছাপূৰ্ণ কৰি থাকে । সঁচা প্ৰেমত এনেকুৱা দাবী আহিব নোৱাৰে যে যদি তুমি মোক ভালপোৱা এইটো ইচ্ছা পূৰণ কৰিব লাগিব ইত্যাদি ।

৩. প্ৰতিক্ষণবৰ্ধনাম : প্ৰেমৰ এই লক্ষণটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সঁচা প্ৰেমত আজি ভাল পোৱা বেছি হোৱা, কালি কমি যোৱা এইবোৰ নহয়। কিন্তু বেছিভাগ প্ৰেম নাম দিয়া সম্পর্কত দেখা যায় আজি ভাল ব্যৱহাৰ, বস্তু বা কিবা ইচ্ছাৰ পূৰণ হোৱাৰ বাবে প্ৰেম বাঢ়ি যায় , কিন্তু আনদিনা, কিবা ইচ্ছাৰ বা আকাংক্ষাৰ পূৰণ নোহোৱা বাবে প্ৰেম কমি যায়, কাজিয়া হয়, সম্পৰ্কৰ মধুৰতা নোহোৱা হয় ইত্যাদি ।
কিন্তু প্ৰকৃত প্ৰেমত যিহেতু কোনো আকাংক্ষা নাথাকে, সেই প্ৰেমত কমা বঢ়া হৈ নাথাকে অথবা  প্ৰতিদিনে প্ৰেম সলনি হৈ নাথাকে । 

সঁচা প্ৰেমৰ লক্ষণ হৈছে এই প্ৰেম প্ৰতিক্ষণ বৃদ্ধি হৈ থাকে । এই প্ৰেম কেতিয়াও কমি নাযায় কাৰণ যিহেতু এই প্ৰেম গুণ চাই হোৱা নাছিল, সেয়েহে সময়ৰ লগত গুণ নোহোৱা হৈ গলেও সঁচা প্ৰেমত প্ৰভাৱ নপৰে ।
সঁচা প্ৰেম যিহেতু কামনৰহিত আৰু ইয়াত আনজনৰ সুখৰহে চিন্তা কৰা যায়, সেইকাৰণেই এই প্ৰেম বাঢ়িহে গৈ থাকে ।  ইচ্ছা বা স্বাৰ্থ যিহেতু নাই,তেনে প্ৰেমত ইচ্ছাপূৰ্ণ হোৱা নোহোৱাৰ কোনো প্ৰভাৱ নপৰে ।।

অহংকাৰী আৰু স্বাৰ্থপৰ মনে কেতিয়াও ভাল পাব নোৱাৰে,কিয়নো নিজৰ হ্ৰদয়খনৰ চিন্তাহে বেছি তেওঁৰ, যদি ভাঙি যায় তেতিয়া কি হ'ব এইবোৰ চিন্তা আহি থাকে।

অহংকাৰী বা স্বাৰ্থপৰ মনত সদায় ব্যক্তিয়ে অসুৰক্ষতা অনুভৱ কৰি থাকে । অসুৰক্ষতা সৃষ্টি হয় কিবা পোৱাৰ আশা বা স্বাৰ্থ থাকিলে ।

ভাল পালে এজন মানুহে আৰু  নিজৰ হ্ৰদয়খনৰ চিন্তা কৰি নাথাকে বা নিজৰ বাবে একো নিবিচাৰে । তেওঁৰ হৃদয় ভাঙি গলেও কোনো দুখ নকৰে, কাৰণ তেওঁ ভাল পোৱাৰ বিনিময়ত একো বিচৰাই নাছিল । একপ্ৰকাৰে তেওঁৰ হৃদয় কেতিয়াও ভাঙি নাযায় , তেওঁৰ প্ৰেম সময় আৰু আনজনৰ ব্যৱহাৰৰ লগত কমা বঢ়া হৈ নাথাকে, ই ক্ৰমবৰ্ধমান হৈ থাকে ।।

যেতিয়া  স্বাৰ্থৰ সিদ্ধি নহয় তেতিয়াই মানুহে হ্ৰদয় ভগ্ন হোৱা বুলি কয়, যদি ভালপোৱাত কিবা পোৱাৰ  আকাংক্ষা থাকে, সেয়া প্ৰেম নহয় ।। 🙏 

প্ৰেমৰ বিষয়ে সমাজত বহু ভুল ধাৰণা হৈ আছে, সেয়েহে হিন্দু ধৰ্মৰ শাস্ত্ৰ নাৰদ ভক্তি সূত্ৰত পোৱা প্ৰকৃত প্ৰেম সম্পৰ্কীয় এই কথাখিনি অসমীয়াত লিখি থলোঁ ।। 🙏🙏

©জিতু দাস


১৫/০৬/২০২০

মহৎ লোকৰ বাণী - 100+ Great Men Quotes in Assamese



১. ভয়ক জয় কৰাটোৱেই হ'ল মানুহৰ প্ৰথম কৰ্তব্য ।   - কাৰ্লাইল

২.সৃষ্টিৰ আটাইতকৈ সুন্দৰ বস্তু হ'ল ফুল, কিন্তু তাৰ শিপাবোৰ থাকে মাটি আৰু গোবৰত ।  - ডি এইচ লৰেন্স


৩. তোমাৰ লক্ষ্য স্থান ক’ত ? সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা ৷ তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব ৷ -- লিটন


৪. যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই ৷ -- বেঞ্জামিন ফ্ৰেংকলিন

৫. যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহানিও সময় নাপায় ৷ অথচ যিসকল সদায় কামতেই ব্যস্ত হৈ থাকে তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয় ৷ --- লৰ্ড চেষ্টাৰফিল্ড ৷


৬. মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে -- জৱাহৰলাল নেহৰু



৭. আমি যি জানো সি অতি সামান্য ৷ আমি যি নাজানো তাৰ সীমা নাই ৷ - পাৰলেচ



৮. কোনোৱে তোমাক সহায় কৰিব নোৱাৰে ৷ নিজেই নিজৰ সহায় লোৱা ৷ ---- বুদ্ধদেৱ



৯. এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা ৷ ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয় ৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়া , শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া ৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা ৷ ---- ৰিচাৰ্ড ৷



১০. সময়েই ধন ৷ --- বেঞ্জামিন ফ্ৰেঙ্কলিন ৷



১১. খং নকৰিবা নিজৰে সৰ্বনাশ হ'ব ৷ অহংকাৰ নকৰিবা পতন হ'ব, কাকো ঘৃণা নকৰিবা , নিজেও ঘৃণিত হ'বা , ফাঁকি নিদিবা , ফাঁকত পৰিবা ৷ ---- বিবেকানন্দ ৷



১২. আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা ৷ ---- হজৰত মহম্মদ ৷



১৪. পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত ৷ --- পিয়েৰ টেলহাৰ্ড



১৫. সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ'ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা -- তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা ৷ দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে ৷ --- ডেভিদ ফ্ৰষ্ট ৷



১৬. মই মাথোঁ জ্ঞানৰ অনুৰাগী ৷ জ্ঞানৰ বৃত্তিধাৰী মই নহয় ৷ সচাঁ কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদক অনুশীলনকাৰীহে ৷ যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে , বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বত:সিদ্ধ বিষয়ত , তেতিয়াই দৰ্শনে পাতনি মেলে ৷ --- গ্ৰীচৰ মহান দাৰ্শনিক ছক্ৰেটিছ ৷







১৭. উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয় ৷ --- মেথিউ



১৮. প্ৰেম হৈছে এনে এক জীৱনপুষ্প যি প্ৰস্ফুটিত হয় অভাৱনীয়, অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি ৷ --- ডি এইছ লৰেঞ্চ



১৯. কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে ৷ ---- বেইলী



২০. সুযোগবোৰ কঠিন কাৰ্যৰ ৰূপ ধৰিহে দেখা দিয়ে ৷ সেয়েহে এলেহুৱা লোকে সুযোগ বৰকৈ হেৰুৱাই ৷ --- টমাচ আলভা এডিচন ৷







২১. নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা ৷ --- বেঞ্জামিন ফ্ৰেংকলিন ৷



২২ . এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই ৷ ... সচাঁকৈয়ে ! তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ ? --- এমাৰ্চন ৷



২৩. নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে --- থমাছ কাৰ্লাইল ৷



২৪. মানুহৰ মন সদায় একে ঠাইতেই থাকে ৷ কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে ৷ --- কবি জন মিল্টন ৷



২৫. স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দ'ৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে ৷ কেতিয়াবা মই মজদুৰৰ কাম কৰিছো, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম ৷ ... অতীত যিয়েই নহওক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে ৷ --- আমেৰিকাৰ মহান ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন ৷



২৬. জীৱনৰ অন্য নাম সংগ্ৰাম ৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে ৷ সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস , মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে ৷ --- নেপোলেয়ঁ বোনাপাৰ্ট ৷



২৭. প্ৰতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে , আকৌ এচাম মানুহ আছে , যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে ৷ --- উইলিয়াম এ ৱাৰ্ড ৷



২৮. মানুহৰ জন্ম হয় সফল হ'বলৈকে , ব্যৰ্থ হ'বলৈ নহয় ৷ আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সোপান ৷ --- প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিদ থৰো ৷



২৯. প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সচাঁই বৰ মধুৰ ৷ --- উইলিয়াম শ্বেইক্সপীয়েৰ ৷



৩০. নিজৰ পাৰদৰ্শিতা বৃদ্ধি কৰিবলৈ অসম্ভৱ বুলি জনা কামো কৰিবলৈ আগুৱাই যাবলৈ কুণ্ঠাবোধ নকৰিবা ৷ --- আব্ৰাহাম লিংকন ৷







৩১. মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম ৷ --- নেতাজী সুভাষ চন্দ্ৰ বসু ৷







৩২. সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে ৷ --- অভিনয় শিল্পী মৰিচ চেভালিয়া ৷



৩৩. জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ ৷ --- এমাৰছন ৷



৩৪. প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা ৷ --- মাৰ্গাৰেট বুনেন ৷



৩৫. জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা ৷ --- জুলিয়েট বেষ্টিয়েনা ৷



৩৬. জীৱনটো এক মহৎ উপহাৰ ৷ যিসকলে জযৱনক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত ৷ --- ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ ৷



৩৭. তুমি ভালেই কৰা বা বেয়াই কৰা মানুহে তোমাক সমালোচনা কৰিবই ৷ সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি ? --- নেপ'লিয়ান বোনাপাৰ্ট ৷



৩৮. ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰে ৷ --- জন ষ্টুৱাৰ্ট মিল ৷



৩৯. সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা, যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে ৷ --- মহাত্মা গান্ধী ৷



৪০. সৰু বুলি কাকো অৱহেলা নকৰিবা ৷ তুমি সৰু বুলি উলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে ৷ --- গ্যেটে ৷



৪১. বহু কথা জনা জনকেই জ্ঞানী বুলি নকয় ৷ জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰা জনহে জ্ঞানী ৷ --- লেনিন ৷



৪২. জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি, আদৰ্শ জীপাল হৈ থকাতোহে ৷ কাল বলুকাত খোজ ৰাখি থৈ যোৱা সম্ভৱ মাথোঁ সুকৰ্মৰাজিৰ দ্বাৰাহে ৷ --- লিঅ'টলষ্টয় ৷



৪৩. আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ৰহস্য ৷ সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়ে হ'ল উৎস ৷ --- এলবাৰ্ট আইনষ্টাইন ৷



৪৪. মই মোৰ নিজৰ বাবে আত্মবিশ্বাস, শক্তি আৰু ক্ষমতা বিচাৰি সদায় বাহিৰলৈ চাওঁ ৷ ভাবো অন্য কোনোবাই নহ’লেও উদাৰ এই প্ৰকৃতি বা ঈশ্বৰে সেয়া দিব ৷ …কিন্তু শেষত দেখো যে সেইবোৰ অফুৰন্তভাবে ওলাই আহে মোৰ মন আৰু হৃদয়ৰ নিভৃততম কোণৰ পৰা ৷ ---- আন্না ফ্ৰয়েড ৷



৪৫.যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই ৷ --- এৰিষ্ট'টল ৷



তোমাৰ বন্ধু বা পৰিচিতসকলৰ প্ৰতিয়েই নহয়, বিশ্বজগতৰ প্ৰতিটো জীৱৰ প্ৰতি নিজৰ হৃদয়ত বহন কৰিবা অহিংসা, দ্বেষহীন সহানুভূতি, প্ৰেম তথা কৰুণা ৷ ---- গৌতম বুদ্ধ ৷



৪৬. যি পাৰ হৈ গ’ল সেই অতীতলৈ আৰু উভতি নাচাবা ৷ কেৱল আগলৈ চোৱা আৰুঅসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া ৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা ৷ --- স্বামী বিবেকানন্দ ৷



৪৭. প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে ৷ --- ৰবীন্দ্ৰনাথ ঠাকুৰ ৷



৪৮. কৰো বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে ৷ ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি ৷ --- এইছ জি ৱেইলছ ৷



৪৯. কৰ্মশক্তিয়ে আমাক তিনিটা অতি ভয়ঙ্কৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে – আলস্য, বদ অভ্যাস আৰু অভাৱ ৷ --- ফৰাচী দাৰ্শনিক ভল্টেয়াৰ ৷



৫০. আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো সঁচা, কিন্তু এই পৃথিৱীত পৰস্পৰৰ স’তে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই ৷ --- মাৰ্টিন লুথাৰ ৷























৫১. আন কিবা কৰিছেনে নাই সেই লৈ মূৰ ঘমোৱাতকৈ আমি নিজে কি কৰিছো সেইটোহে ভবা বেছি প্ৰয়োজন ৷ প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ’লেই দহৰ তথা দেশৰ সেৱা কৰা হ’ব ৷ --- ৰাজা ৰামমোহন ৰায় ৷



৫২. প্ৰেম তেওঁৰ স’তে কৰিবা যাক তুমি ভালপোৱা ৷ কিন্তু বিবাহত তেওঁৰ স’তেহে বহিবা , যিয়ে তোমাক ভালপায় ৷ --- আৰবীয় প্ৰবাদ ৷



৫৩. এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে ---- ডেল কাৰ্নেগী ৷







৫৪. অতীত আৰু বৰ্তমানক লৈ তৰ্কত লিপ্ত হোৱাটোতকৈ অৰ্থহীন কথা আৰু একো নাই ৷ কাৰণ তাৰ পৰা আমি হেৰুৱাও আমাৰ বৰ্তমানক ৷ --- উইনষ্টন চাৰ্চিল ৷



৫৫. বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি ৷ --- মাদাৰ টেৰেছা ৷







৫৬. আন্ধাৰ যিমান গভীৰ হ’ব, প্ৰভাতো সিমানেই উজ্বল হ’ব ৷ চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ’বই ৷ --- জ্যোতি প্ৰসাদ আগৰৱালা ৷



৫৭. গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে ৷ --- ভূপেন হাজৰিকা ৷



৫৮. ভৱিষ্যতে আমি যি হ’ব বিচাৰো, সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজে নিৰূপন কৰে ৷ সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ ৷ --- স্বামী বিবেকানন্দ ৷



৫৯.  কাকো প্ৰবঞ্চনা বা প্ৰতাৰণা নকৰিবা, কাকো অৱহেলাও নকৰিবা ৷ সাময়িক খং আৰু উত্তেজনাৰ বশৱৰ্ত্তী হৈ এনে কোনোধৰণৰ আচৰণ নকৰিবা যাৰ বাবে তুমি আনৰ দুখৰ কাৰণ হ’বলগা হয় ৷ মাকে যেনেকৈ নিজৰ সৰ্বস্ব দিয়ো সন্তানক ৰক্ষা কৰে , সেই মমতা আৰু কৰুণা তুমি নিজৰ হৃদয়ত বহন কৰাৰ প্ৰয়াস কৰিবা ৷







৬০. আপোনাৰ অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপোনি ৷ ভালেই হওক, বেয়াই হওক নিজৰ বাগিচাৰ পৰিচাৰ্যা আপুনি নিজেই কৰিব লাগিব ৷ সুন্দৰ হওক বা অসুন্দৰেই হওক আপোনাৰ জীৱনৰ সংগীতৰ সুৰ আপুনিয়ে সৃষ্টি কৰি বাদ্যও নিজেই বজাব লাগিব ৷ --- ডেল কাৰ্ণেগী ৷



৬১. যি মানুহে নামমাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই ৷ --- মণ্টেইন ৷



৬২. সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে ৷ সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ ৷ কিন্তু এইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ’ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা ৷ --- মহান ফুটবলাৰ পেলে ৷



৬৩. ডাঙৰ আৰু যথেষ্টসৎখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ’ব নোৱাৰে ৷ --- উইলিয়াম শ্বেইক্সপীয়েৰ ৷



৬৪.এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে ৷ তাৰ প্ৰকৃত কাৰণ হ’ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে ৷ --- ঋকবেদ ৷



৬৫. ইচ্ছাশক্তি প্ৰৱল হ’লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে ৷ --- মেকিয়াভেলে ৷







৬৬. কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা ৷ বৰং সমস্যাকহে তোমাৰ অধীৰ কৰা আৰু নি:শেষ কৰা ৷ --- ড০ এ পি জে আব্দুল কালাম ৷



৬৭. মানুহৰ এই জীৱন অনন্ত আৰু প্ৰেম অমৰ ৷ কিন্তু মৃত্যু ? আমাৰ দৃষ্টিৰে ঢুকি পোৱা দিগন্তই হ’ল মৃত্যু ৷ --- ৰজিটাৰ ৰেমণ্ড ৷



৬৮. তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা , তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা ৷ সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত ৷ --- ফ্ৰান্সিছ থমছন ৷





৬৯. প্ৰতিজন মানুহৰ মাজতেই আছে অসীম সম্ভাৱনা ৷ নিজৰ শক্তি – ক্ষমতাৰ ওপৰত আস্থা ৰাখিলে আৰু নিজৰ অন্তৰত চিৰ তাৰুণ্যৰ সোঁত বোৱাই ৰাখিলে মানুহে জীৱনত স্থিৰ কৰি থোৱা লক্ষ্যত উপনীত নোহোৱাৰ কোনো কাৰণ নাই ৷ নিজকে বাৰম্বাৰ এই কথাটোকেই ক’ব যে – এইটো নিৰ্ভৰ কৰে একান্তই মোৰ নিজৰ ইচ্ছা – অভিপ্ৰায়ৰ ওপৰত ৷ --- ফৰাছী সাহিত্যত নোবেল বটাঁ বিজয়ী আঁদ্ৰে জিদ ৷



৭০. জীৱনটোক বুজি পাবলৈ হ’লে পিছলৈ ঘূৰি চাব লাগিব সচাঁ কিন্তু জীৱন পথত আগুৱাই যাবলৈ হ’লে সদায় আগলৈহে দৃষ্টি ৰাখিব লাগিব ৷ ---চোৰেন কিয়েকগাৰ্ড ৷



৭১.  ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে। - - -বাইবেল



৭২. আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা ৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা ৷ ---- চক্ৰেটিচ







৭৩. আমি জীৱনটো ভাল পাওঁ এই কাৰণেই কাৰণ আমি প্ৰত্যেকেই প্ৰেমত অভ্যস্ত ৷ সকলো ধৰণৰ প্ৰেমতেই উন্মাদনা আছে আৰু আছে যুক্তি ৷ --- নীৎসে ৷



৭৪. বেদনাই হ’ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ ৷ --- কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ ৷



৭৫. যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে , জ্ঞানে পথ দেখুৱাই , সেইটোৱেই হ’ল ভাল জীৱন ৷ --- বাৰ্ট্ৰাণ্ড ৰাছেল ৷



৭৬. কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাব ৷ হতাশ নহ’ব কাহানিও, যদি হতাশো হয় তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব ৷ --- বিখ্যাত ৰাজনীতিবিদ এডমাণ্ড বাৰ্ক ৷





৭৭. আন্ধাৰ আঁতৰাবলৈ যিদৰে পোহৰৰ প্ৰয়োজন তেনেদৰে ঘৃণা আঁতৰাবলৈ প্ৰয়োজন প্ৰেম ৷ --- মাৰ্টিন লুথাৰ কিং ৷



৭৮. তুমি য’লৈকে নোযোৱা কিয় বিলোৱা মাথোঁ প্ৰেম আৰু প্ৰেম ৷ --- মাদাৰ টেৰেছা ৷



৭৯. মহৎ কাৰ্য সমাধা কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন ৷ দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈছে – এডাল হ’ল উদ্যোগী মন আৰু আনডাল আদৰ্শ ৷ --- ছেমুৱেল বাটলাৰ ৷



৮০. কৰ্মত সাফল্য লাভ কৰিবলৈ যি সকলে আগ্ৰহী তেওঁলোকে ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক পুৱাৰ পৰা গধুলিলৈকে একেৰাহে নিজৰ কামত লাগি থাকিব লাগিব ৷ --- ছাৰ জছুৱা ৰেনল্ডছ ৷



৮১. আনে দেখা বস্তুবোৰ তুমিও দেখা , কিন্তু সেই বস্তুবোৰৰ বিষয়ে আনে চিন্তা নকৰা কথাবোৰ তুমি চিন্তা কৰা – তেতিয়া তুমি এটা নতুন বস্তু আৱিস্কাৰ কৰা ৷ --- এলবাৰ্ট গিয়ৰগাই ৷



৮২. তুমি যদি সদায় কেৱল বৰ্তমানৰ ওপৰত মনোযোগ নিবদ্ধ কৰিব পাৰা, তেন্তে তুমি এজন সুখী মানুহ হ’বা ৷ তুমি দেখিবা যে মৰুভূমিত জীৱন আছে , আকাশত তৰা আছে, জীৱনটো এটা উৎসৱ , কাৰণ আমি কেৱল এই মুহূৰ্তটোৰ কাৰণেহে জীয়াই আছো ৷ --- পল ৰবচন ৷



৮৩. এটা কথা মনত ৰাখিবা তুমি কি বা তোমাৰ কি আছে, তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে ৷ তোমাৰ সুখ নিৰ্ভৰ কৰে তুমি কি চিন্তা কৰা তাৰ ওপৰতহে ৷ --- ডেল কাৰ্নেগী ৷



৮৪. ভালভাৱে জীৱন যাপন কৰিব বিচাৰিছা যদি সত্যক আকোঁৱালি লোৱা ৷ --- প্লেটো ৷



৮৫. অতি সাধাৰণ যেন লগা দৈনন্দিন জীৱনৰ সৰু সৰু ঘটনাৰাজিয়েই হ’ল জ্ঞানৰ প্ৰকৃত উৎস ৷ --- জেমছ এলেন ৷



৮৬. শিক্ষাই জীৱন, জীৱনেই শিক্ষা ৷ ----- লজ



৮৭. সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। --- যতীন্দ্র নাথ দুৱৰা



৮৮. সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। --- মহাত্মা গান্ধী



৮৯. অকণমান সাহসৰ অভাৱতেই পৃথিবীৰ বহুতো প্রতিভাৰ অপচয় ঘটে। --- ছিডনি স্মিথ



৯০. যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়। --- বাইৰণ



৯১ নিজক সদায় আনন্দত ৰাখিবা ৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয় ৷ ----- ওমাৰ্চন



৯২ মই যেতিয়াই কেবা এক জটিল বিষয়ৰ ওপৰত লেখিব লগীয়াত পৰো, তেতিয়া আঁচনি তৈয়াৰ কৰি লওঁ ৷ যিমান পাৰি সিমান দ’কৈ বিষয়টোৰ সম্পৰ্কত কেইবা ঘণ্টা, আনকি বহু দিন পৰ্যন্তও চিন্তা কৰো আৰু শেষত বিষয়টোৰ চিন্তা সমূলি পৰিত্যাগ কৰো ৷ … আকৌ কেইমাহমানৰ পাছত বিষয়টোলৈ যেতিয়া পুনৰ সচেতনভাৱে ঘূৰি যাওঁ তেতিয়া দেখো যে সমস্যাটোৰ সমাধান হৈয়েই আছে ৷ এই কৌশলটো উদ্ভাৱন কৰাৰ আগতে মই প্ৰায়েই কাম অকণো আগবঢ়া নাই বুলি দুচিন্তাত ভুগি থাকিছিলো ৷ ফলত মোৰ কে’বাটাও দিন অথবা মাহ অবাবতে নষ্ট হৈছিল ৷ --- নৰ্মেন ভিনচেণ্ট পীল ৷



৯৩ .হাঁহিমুখে পৰাজয় বৰণ কৰা জনহে বিজেতা ।

  এলবাৰ্ট  হুৱ ।





৯৪. তুমি বৰফৰ দৰে নিষ্কলংক হ'লেও নিদাৰ হাত সাৰিব নোৱাৰিবা । শ্বেক্সপীয়েৰ









৯৫. তুমি তোমাৰ লক্ষ্যত উপনীত হ'বলৈ হ্রদয়ক সাহসী কৰি তোলা, তেতিয়া দেখিবা যে তুমি কেতিয়াবা  অকৃতার্য নোহোৱা । --শ্বেক্সপীয়েৰ







৯৬. অতি দৰ্পৰ কাৰণে ৰাৱণ মৰিল , অভিমানৰ কাৰণে কৌৰব সকলৰ বিনাশ হ'ল । অতি দানৰ কাৰণে বালিয়ে পাতাললৈ গ'ল । গতিকে সকলোৰে অতিমাত্ৰা গৰ্হিত আৰু নিন্দনীয় ।  চানক্য





৯৭. নিজকে  সদায় আনন্দত ৰাখিবা, আনদময় উৎসাহী আৰু শক্তিমানৰ কাৰণেহে এই জগতখন, দুর্বলীৰ বাবে নহয় ।



-- এমাৰ্চন







৯৮.  সংগীতে মনক আনন্দ প্ৰদান কৰে আৰু শান্তি দিয়ে যি

স্বাস্থ্যৰ বাবে উপকাৰী।    ----ভিক্টৰ  হিগো ।



৯৯. কথা কম হৈ কব, কাম বেছিকৈ কৰিবা, আনক উপদেশ কমকৈ দিবা সৎ লোকৰ উপদেশ  বেছিকৈ শুনিবা ।



--- ছক্ৰেটিছ



১০০. যি মানুহে বিপদক ভয় কৰে তেনে মানুহক বিপদে কেতিয়াও লগ এৰা নিদিয়ে ।

---- জৰ্জ  বাৰ্ণাডশ্ব ।



১০১. পাৰিলে সজ কথা আলোচনা কৰিব  নহ'লে মনে মনে থাকিবা ।

--- পাইথাগোৰাচ





১০২. আনে তোমাক সহায় কৰিব নোৱাৰে । তুমি তোমাৰ নিজেই সহায় হোৱা ।



---- বুদ্ধদেৱ ।





অসমীয়া ফঁকৰা যোজনা  (Great Assamese Proverbs)

 1. Assamese Proverbs collection 1                       2.  Assamese Proverbs collection 2.



  1. Poet Raghunath Choudhary
  2. Ananda Chandra Agarwala
  3. Padmanath Gohain Barua
  4. Syed Abdul Malik
  5. Laxminath Bezbarua     



Assamese love and life quotes (অসমীয়া প্ৰেম আৰু জীৱন বাণী ) by Jitu Das quotes













































You may also like  : -



অসমীয়া ফঁকৰা যোজনা  (Great Assamese Proverbs)

 1. Assamese Proverbs collection 1                       2.  Assamese Proverbs collection 2.



  1. Poet Raghunath Choudhary
  2. Ananda Chandra Agarwala
  3. Padmanath Gohain Barua
  4. Syed Abdul Malik
  5. Laxminath Bezbarua     

Happy Dussehra wishes messages in Assamese





Happy Dussehra to everyone, WISH you great success over evil.




Jitu Das profile picture

Jitu Das

“Find the right frequency that resonates with your soul.”

Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.