Search This Blog

Showing posts with label ASSAMESE ESSAYS. Show all posts
Showing posts with label ASSAMESE ESSAYS. Show all posts

Diwali Essay in Assamese language 2019







দীপাৱলী হৈছে পোহৰৰ উৎসৱ, এই উৎসৱ প্ৰতি বছৰে পালন কৰা হয় চাৰি ৰ পৰা পাঁচ দিন ধৰি । দীপাৱলী জাতি ধৰ্ম নিৰ্বিশেষে প্ৰায় সকলোৱে পালন কৰে, হিন্দু, জৈন , শিখ, বৌদ্ধ ধৰ্মৰ মানুহ সকলোৱে । হিন্দু ধর্মৰ আটাইতকৈ উজ্বল উৎসৱ দীপাৱলীয়ে  আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়,  অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় আদি সূচায় । পোহৰ হৈছে জ্ঞানৰ প্ৰতীক, আৰু এই জ্ঞানে মানুহৰ ভিতৰত থকা ভয়, ভ্ৰান্তি আদি আঁতৰাই তোলে আৰু মানুহৰ  মহান জীৱনী শক্তিৰ উত্তৰণ ঘটায় ।


হিন্দু ধর্মৰ মতে, যেতিয়া ১৪ বছৰ বনবাস কটায় আহি ভগৱান ৰাম, দেৱী সীতা আৰু লক্ষ্মণ  পাপী ৰাৱণৰ বধৰ পিছত অযোধ্যালৈ ঘূৰি আহে, তেতিয়াই দীপাৱলীৰ আৰম্ভ হয় ।আৰু পদ্ম পুৰাণ ৰ মতে, দীপাৱলী ৰ নিশা সাগৰ মন্থনৰ ফলত ধনৰ দেৱী লক্ষ্মীৰ জন্ম হয় আৰু  লক্ষ্মীদেৱীয়ে ভগৱান বিষ্ণুক চয়ন কৰে আৰু  বিবাহপাশত আবদ্ধ হয় ।

পদ্ম পূৰণ আৰু স্কন্দ পুৰাণৰ মতে , চাকিবোৰ হৈছে সূৰ্যৰ অংশ প্ৰতীক, যি হৈছে মহাজাগতিক পোহৰ আৰু শক্তিৰ  ভাণ্ডাৰ । 

আন আন ধৰ্মৰ মানুহেও দীপাৱলী উদযাপন কৰে । 
জৈন ধৰ্মৰ মানুহে দীপাৱলীক মহাবীৰ নিৰ্বানা দিৱস হিচাপে পালন কৰে ।
শিখ সকলে গুৰু হৰগোবিন্দৰ মোগলৰ জেলৰ পৰা মুক্তি পোৱা দিনটো উদযাপন কৰে ।

বৌদ্ধ  ধৰ্মালম্বী সকলে সাধাৰণতে দীপাৱলী উদযাপন নকৰে যদিও নেপালত নতুন বৌদ্ধ ধৰ্মাৱলম্বী সকলে ৫ দিনলৈকে দীপাৱলী উদযাপন কৰে ।


দীপাৱলী বুলি কলে গোটেই ভাৰতবৰ্ষত উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হয় । সমগ্ৰ দেশতে মানুহৰ বজাৰ কৰাৰ আগ্ৰহ তীব্ৰ হৈ উঠে । অনলাইনত আৰু আফলাইন সকলোতে সকলো সামগ্ৰীৰ দামত ৰেহাই দিয়া হয় আৰু হাজাৰ হাজাৰ  কোটি কোটি টকাৰ সামগ্ৰীৰ বিক্ৰী হয় এই মাহটোত । 

যি কি নহওঁক দীপাৱলী  উদযাপনৰ পৰম্পৰা মানৱ সভ্যতাৰ আদি কালৰ পৰাই চলি আছে আৰু চলি থাকিব আৰু মানুহৰ মনত আনন্দ , একতা আৰু জীৱনৰ অন্ধকাৰ মুহূৰ্তত যুঁজিবলৈ প্ৰেৰণা যোগাই থাকিব ।

দীপাৱলী ২০১৯ যেন সকলোৰে বাবে এক আনন্দ, প্ৰেম আৰু স্মৰণীয় হৈ ৰয় তাৰ বাবে কামনা কৰিলোঁ - জিতু দাস ।







Jitu Das profile picture

Jitu Das

“Find the right frequency that resonates with your soul.”

Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.