Search This Blog

Assamese philosophy and spiritual quotes on healing if soul by Jitu Das quotes 2021

নিজৰ মনৰ দুখবোৰ  অৱজ্ঞা কৰা উচিত নহয়, তাৰ সন্মুখীন নোহোৱাকৈ জীৱনত আগবাঢ়ি যাব নোৱাৰি, বোজা হিচাপে থকা সমস্যাৰ সমাধান নোহোৱালৈকে আমি সম্পূৰ্ণৰূপে মনৰ  সজীৱতা অনুভৱ কৰিব নোৱাৰো । দুখ লগাটো সম্পূৰ্ণৰূপে প্ৰাকৃতিক, ইয়াত লাজ কৰিব লগা নাই, It's okay not to be okay sometimes, আমি মাথো সন্মুখীন হৈ দুখৰ পাৰ হৈ যাব লাগে,  ইয়াক টানি থাকিব নালাগে গোটেই জীৱন । দেহৰ কৰ'বাত আঘাট পালে যেনেকৈ আমি চিকিৎসা কৰো, মলম লগাও, ঔষধ খাওঁ আৰোগ্য লাভৰ বাবে, আমি চিকিৎসা কৰাৰ পিছত  নিচিন্ত হ'ব পাৰো আৰু সেই আঘাটৰ পৰা আমি কষ্ট পাই নাথাকো । ঠিক তেনেকৈ মনৰ আঘাটবোৰো আমি গুৰুত্ব দিয়া উচিত আৰু সোনকালে নিৰাময় (heal) কৰা উচিত আৰু তাক বছৰ বছৰ ধৰি সম্পূৰ্ণৰূপে সন্মুখীন নোহোৱাকৈ মনৰ ভিতৰত পুহি ৰাখি দুখ কষ্ট ভোগ কৰা উচিত নহয় । সেইকাৰণে মনৰ healing বহুতেই প্ৰয়োজনীয় যাতে জীৱনটো শান্তিপূৰ্ণ হয় । এতিয়া দুখৰ কাৰণ যিয়ে নহওক তাক আমি ক্ষমা কৰিবই লাগিব । মনৰ মুক্তিৰ বাবে আমি বাস্তৱক যেনেকৈ আছে তাক গ্ৰহণ ( accept) কৰিব লাগিব যদিওবা ভৱা বা বিচৰা কথাবোৰৰ সকলো মিলি নাহে, এইটো ডাঙৰ কথা নহয়, ইয়াত জেদ ধৰিলে মানুহে কষ্ট পাবই । প্ৰাকৃতিক কাৰণৰ আগত আমাৰ জেদ, অহংকাৰ, ইচ্ছাৰ মূল্য কি ! কিন্তু যি হৈ গৈছে বা হৈ আছে তাত কিবা ভাল দিশ বিচাৰিব পাৰিলে আমি নিশ্চয় বহু শান্তিপূৰ্ণ জীৱন লাভ কৰিব পাৰিম ।। আজিৰ এই মুহূৰ্তত গম পোৱা নাযায় জীৱনে কোন দিশত গৈ আছে, কিন্তু ঘূৰি চালেহে বুজি পোৱা যায় যে যি হৈ গৈছে তাৰ জীৱনত যে কিবা প্ৰয়োজনীয়তা আছিল, আৰু প্ৰতিটো কথাই তোমাৰ  আজিৰ ব্যক্তিসত্বাক সৃষ্টি কৰিছে ।।।।

13 July 2021

No comments:

Post a Comment

Jitu Das profile picture

Jitu Das

“Find the right frequency that resonates with your soul.”

Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.