কিতাপ, জ্ঞানৰ সাধনা আৰু পৰমব্ৰহ্মৰ অনুভূতি








পৃথিৱীত লাখ লাখ কিতাপ আছে জীৱনত সফলতা প্ৰাপ্তিৰ বাবে, জীৱনত আত্মবিশ্বাস বৃদ্ধিৰ বাবে ইত্যাদি অনেক বিষয়ত ।
কিন্তু ইমান লাখ কিতাপ পঢ়াটো সম্ভৱো নহয়, প্ৰয়োজনো নহয় । কিতাপ পঢ়িলে মানুহ জ্ঞানী হৈ নাযায়, কেতিয়াবা কিতাপ বেছি পঢ়া মানুহে জ্ঞানৰহে অহংকাৰী হৈ উঠে । জ্ঞান এক উপলব্ধি , উচিত পথত গ'লে সকলোৱে এই জ্ঞান লাভ কৰিব পাৰে । কিন্তু ইয়াৰ অৰ্থ এই নহয় যে কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা নাই, বিষয় এটা বুজিবলৈ কিতাপৰ প্ৰয়োজন আছে । ব্ৰহ্মাণ্ডৰ সমস্ত জ্ঞান সকলো কিতাপ পঢ়ি পাব খোজাটো একপ্ৰকাৰৰ বাৎসল্যতা ! কিন্তু এই জ্ঞান সাধনাৰ পৰা এজনে পৃথিৱীৰ বহু নজনা কথা শিকিব পাৰে, আৰু তেতিয়া জগতৰ ৰূপ সলনি হৈ পৰে, সেই অনুভূতিয়ে সৰ্বশেষত পৰমব্ৰহ্মৰ ওচৰলৈ লৈ যায় ।

- ৬ জুলাই ,২০২০

©জিতু দাস

No comments:

Post a Comment

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...