Assamese philosophy quotes about life, dream and cinema - জীৱন, সপোন আৰু চিনেমাৰ মাজত সাদৃশ্য কি ??

জীৱন ,সপোন ,চিনেমাৰ মাজত পাৰ্থক্য বেছি নাই, জীৱনৰ ঘটনাবোৰৰ পৰাই সপোন আৰু চিনেমাৰ আৰম্ভণি হয়, কিন্তু আমি সপোন বা চিনেমাক মিছা বুলি অৱজ্ঞা কৰি দিয়ো, কিন্তু ভাৱি চালে জীৱনেই এখন বহু দীঘল পৰীক্ষামূলক চিনেমা যেন বা  দীঘল টিভি চিৰিজ, স্মৃতিৰ ভাণ্ডাৰ বা গুদাম ।।
      আমি চিনেমা বা সপোনক সুখপূৰ্ণ, ৰহস্যপূৰ্ণ, ভয়লগা, দুখৰ বা আচৰিত, অবিশ্বাসযোগ্য আদি সকলো ৰূপত সহজে মানি ল'ব পাৰোঁ,কাৰণ সপোন আছিল,  কিন্তু চিনেমা বা সপোনৰ উৎস জীৱনো যে একেই অপ্ৰত্যাশিত, আচৰিত,  ৰহস্যপূৰ্ণ , সুখৰ বা দুখৰ সকলোবোৰ অনুভূতিৰে পূৰ্ণ আমি মানিবলৈ টান পাওঁ আৰু কেইটামান selected অনুভূতি বা অভিজ্ঞতা পাব খোজোঁ, কিন্তু সেইটো তেতিয়া পূৰ্ণ জীৱন হ'বনে  !!

No comments:

Post a Comment