How to stop worrying in Assamese by Jitu Das Assamese Writings
জীৱনত কেতিয়াও হতাশ নহ'বা, কাৰণ হতাশাই অকাল মৃত্যু কঢ়িয়াই আনে।হতাশ হ'লে যে আপোনৰ সমস্যা সমাধান হ'ব তেনেকুৱাটো নহয় । আপুনি যি কাৰণত হতাশ হৈছে, তাৰ কথা ভাবি নিজকে আৰু দুখ নিদিব । । বেছিভাগ সময়ত মানুহে যেতিয়া বিচৰা বস্তু নাপায়, তেতিয়াই হতাশ হৈ পৰে , আপুনি হতাশ হোৱাৰ হয়তো বহুতো কাৰণ থাকিব পাৰে, হয়তো আপুনি কোনোবা এজনী ছোৱালীক ভাল পাইছিল, কিন্তু যেতিয়া আপুনি তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিলে, তেওঁ প্ৰত্যাখান কৰিলে, তেতিয়া আপুনি লগে লগে হতাশ হৈ পৰাটো স্বাভাৱিক , কিন্তু আপোনাৰ হতাশাক আপুনি লগৰীয়া কৰি ন'লব, কাৰণ আপুনি হতাশাক লগৰীয়া কৰিলে, হতাশাই আপোনাক কেতিয়াই আৰু নতুন প্ৰচেষ্টা কৰিবলৈ নিদিব, আপোনাক পূৰ্বৰ বিফলতাৰ কথা মনত পেলাই দিব। সেইকাৰণে আপুনি হতাশাক মুক্ত কৰি দিব লাগিব । হতাশাক ধৰি ৰাখি আপুনি জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে । আপুনি হতাশ হোৱাৰ মূলতে বহুত কাৰণ থাকিব পাৰে, জেনে প্ৰেমত বিফলতা, চাকৰিত বিফলতা, টকাৰ অভাৱ, দূৰ্বল স্বাস্থ্য, যেতিয়া আপোনাক কোনোবা বিশ্বাসী মানহে ঠগে ইত্যাদি, কিন্তু মই ভাৱো যে হতাশাৰ মূল কাৰণ হৈছে আমাৰ নিজৰ মাজতে, আমাৰ মাজত এনে কি অন্তৰ্নিহিত কাৰণ আছে যিয়ে আমাক জীৱনত ওপৰলৈ উঠিব নিদিয়ে । সেয়া হৈছে আমাৰ ভয়, এলাহ আৰু আত্মঅবিশ্বাস |
No comments:
Post a Comment