Search This Blog

Lokpriya Gopinath Bordoloi Short Biography in Assamese on his 130th Birthday in 2020

লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল ।  তেওঁৰ নিঃস্বাৰ্থ মনৰ বাবে তেওঁ সকলোৰে প্রিয় আছিল। আধুনিক অসমৰ প্ৰথম খনিকৰ গোপীনাথ বৰদলৈৰ জন্ম ১৮৯০ চনৰ ৬ জুনত হৈছিল । তেখেতৰ বিষয়ে বহুতে ভালকৈ নাজানে । কিন্তু গোপীনাথ বৰদলৈয়ে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাত মুখ্য ভূমিকা লৈছিল, অন্যথা অসম হয়তো পূৱ পাকিস্তানৰ অন্তৰ্ভুক্ত হ'লহেঁতেন । তেওঁ পিছত অসমক চীনৰ পৰাও সুৰক্ষিত কৰাৰ বাবে যতন কৰিছিল ।
মুখ্যমন্ত্ৰী কালত তেওঁ অসম হাইকোৰ্ট, অসম মেডিকেল কলেজ, অসম ভেটেনাৰী কলেজ আদি স্থাপন কৰিছিল । 



বহুতে হয়তো গোপীনাথ বৰদলৈৰ লিখা পঢ়া নাই । কিন্তু তেওঁৰ লিখা বহুত সুন্দৰ । গান্ধীৰ অহিংসা আদৰ্শবাদক তেওঁ মানি চলিছিল । তেওঁৰ লিখাত বিভিন্ন ধৰ্মৰ কথা পোৱা গৈছে । তেওঁ লিখা কিতাপৰ ভিতৰত অনাশক্তিযোগ, শ্ৰীৰামচন্দ্ৰ, বুদ্ধদেৱ, হজৰত মহম্মদ আদি । মই সৰুতেই গোপীনাথ বৰদলৈৰ সমগ্ৰ ৰচানৱলী পঢ়িবলৈ সুবিধা পাইছিলোঁ ।  মুখ্যমন্ত্ৰী হলেও তেওঁ সহজ সৰল জীৱন যাপন কৰিছিল । হয়তো তেওঁ এক আধ্যাত্মিক জীৱন নিৰ্বাহ কৰিছিল ।
তেখেতৰ মৃত্যু হৈছিল ১৯৫০ চনৰ ৫ আগষ্টত ।

গোপীনাথ বৰদলৈক অটল বিহাৰী বাজপেয়ীয়ে ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰিছিল। ২০০২ চনত  ৰাষ্ট্ৰপতি এ.পি.জে. আব্দুল কালামে ভাৰতৰ সংসদ ভৱনত তেওঁৰ জীৱন আকাৰৰ প্ৰতিমা অনাৱৰণ (unveil) কৰিছিল l

তেখেতৰ আজি জন্মদিনত আমি অসমবাসীয়ে আজি শ্ৰদ্ধা জনাইছো ।।
Jitu Das profile picture

Jitu Das

“Find the right frequency that resonates with your soul.”

Assamese writer. Observer of life. Capturing thoughts, stories, and reflections with a touch of soul.