Soul, this movie would make you fall in love with living again.
Remembering JyotiPrasad Agarwala on Silpi Divas 2021 and his views on Silpi ( Artist) by Jitu Das Blog
আজি ১৭ জানুৱাৰী শিল্পী দিৱস তথা তেওঁৰ মৃত্যু দিনত ৰূপকোঁৱৰক শ্ৰদ্ধাৰে সুঁৱৰিছো ।
জ্যোতিপ্ৰসাদ আগৰৱালা আছিল এজন অসমীয়া কিংবদন্তি পুৰুষ । সুন্দৰৰ সাধক জ্যোতিপ্ৰসাদৰ কবিতা, নাটকত যি চিৰসুন্দৰৰ আৰাধনা কৰিছিল, সেই সাধনাৰ বাবে তেওঁ সুন্দৰৰ পূজাৰী বুলিও কোৱা হয় ।
তেওঁ শুই থকা লাখ লাখ শিল্পীৰ অন্তৰত থকা প্ৰতিভাৰ উমান পাইছিল আৰু সেই শিল্পী সত্বাক জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল । তেওঁৰ কৰ্মৰাজিয়ে এতিয়াও সহস্ৰ অসমীয়া শিল্পীৰ প্ৰতিভা চাকি জ্বলাই তোলে ।
তেওঁ সমাজৰ ব্যক্তি স্বাৰ্থৰ উমান পাইছিল আৰু সেই ব্যক্তি স্বাৰ্থৰ ঠেক লোহাৰ ঘৰৰ দুৱাৰ ভাঙি সমূহীয়া স্বাৰ্থৰ মহান জীৱনলৈ তেওঁ শিল্পীবোৰক ব্যাপিত হবলৈ আহ্বান কৰিছিল ।
জ্যোতিপ্ৰসাদ আগৰৱালাই শিল্পীক গাওঁৰ গণ্ডীত থাকি বা জন্ম লাভ কৰিও নিজকে এজন বিশ্বনাগৰিক হিচাপে ভাৱিবলৈ আহ্বান কৰিছিল ।।
জ্যোতিপ্ৰসাদে কবিতাত কৈছিল শিল্পী এজনে ব্যক্তিতৰ মহাপ্ৰকাশ, যি ব্যক্তিতৰ চৰম প্ৰকাশ সেই মহাসমষ্টিৰ মহাতীৰ্থত পায় ।
জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিৰ নিজা বৈশিষ্ট্য কেনেকৈ অসমীয়া সাহিত্য, কলা, সঙ্গীত, চলচিত্ৰ সকলো ক্ষেত্ৰতে আগবঢ়াই নিব তাৰ বাবে যি সাধনা কৰিছিল, তাৰ বাবে তেওঁ মোৰ বাবে সদায় শ্ৰদ্ধাৰ ব্যক্তি আৰু এক চিৰপ্ৰেৰণা হৈ ৰ'ব । 🙏🙏