Biography of Assamese poet, writer Nabakanta Barua by Jitu Das Assamese Biography





নৱকান্ত বৰুৱা (ইংৰাজী: Nabakanta Barua) অসমৰ সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নামএখুদ ককাইদেউ বৰুৱাৰ জনপ্ৰিয় ছদ্মনামএকালত তেওঁ সীমা দত্ত ছদ্মনামেৰেও বহু কবিতা ৰচনা কৰিছিল৷ তেওঁৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে৷ অধ্যয়নপুষ্ট মন আৰু সংবেদনশীল হৃদয়, এই দুয়োটা উপাদানেৰে পুষ্ট তেওঁৰ কবিতাবোৰে অসমীয়াকাব্য সাহিত্যত এক নতুন দিগন্তৰ সূচনা কৰিছিল৷ কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু ৰহস্য আদি বিবিধ বিষয়বস্তুৰে সমৃদ্ধ নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিতা পুথিতেওঁৰ কবিতাবোৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, এলিয়ট, হুইটমেন, তথা খলিল জিব্ৰানৰ কবিতাৰ কিছু কিছু প্ৰভাৱ দেখা পোৱা যায় যদিও এক নিজস্ব স্বকীয়তা তেওঁৰ সমূহ কাব্যসম্ভাৰত বিদ্যমান৷ তেখেতৰ বহু সমাদৃত কবিতাসমূহৰ ভিতৰত অন্যতম হল মনত পৰেনে অৰুন্ধতি, ইয়াত নদী আছিল, পলস, ৰাৱন, মহাকাব্যৰ পাণ্ডুলিপি, ক্ৰমশঃ আদি  




শিক্ষাকাল : 

নৱকান্ত বৰুৱাই  ১৯৪১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰে , তাৰ পিছত তেওঁ কটন কলেজত নাম ভর্তি কৰে, যদিও অসুখৰ কাৰণে তেওঁৰ  দুবছৰ লোকচান হয়তাৰ পিছত ১৯৪৩  চনত তেওঁ পশ্চিম বংগৰ শান্তিনিকেটনত জয় আৰু ১৯৪৭  চনত তেওঁ ইংৰাজী বিষয়ত অনাৰ্চ লৈ স্নাতক পৰীক্ষা উত্তীৰ্ণ হয় আৰু আলিগড় মুছলিম বিদ্বেবিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ পাঁচ কৰে ১৯৫৩  চনত


কাৰ্যকাল : 




 তেওঁ উত্তৰ প্ৰদেশৰ   শিহকাবাদৰ .কে. কলেজত কাম কৰে, তাৰ পিছত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত কাম কৰেতাৰ পিছত ১৯৫৪  চনত , তেওঁ কটন কলেজত সোমায় আৰু ১৯৬৪  চনলৈকে তাতে কাম কৰে১৯৬৪  পৰা ১৯৬৭  লৈকে তেওঁ অসম মাধ্যমিক শিক্ষা পৰিষদৰ ইংৰাজী শিক্ষাৰ বিষয়া হিচাপে কাম কৰেতাৰ পিছত তেওঁ পুনৰ কটন কলেজত যোগদান কৰে আৰু ১৯৮৪  চনত উপ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে

সাহিত্য কৰ্ম আৰু বঁটা  : 

 নৱকান্ত বৰুৱাদেৱে কবিতা লিখাৰ লগতে বহু শিশু সাহিত্য ৰচনা কৰিছিলতেওঁ সৰ্বমুঠ ৩৯  কিতাপ লিখিছিল, তাৰে ১১ খন হল কবিতা সংকলন , খন উপন্যাস আৰু বহু ৰচনা, প্ৰবন্ধ ইত্যাদি

নৱকান্ত বৰুৱাই ১৯৭৫  চনত ককাদেউতাৰ হাৰ নামৰ কিতাপৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰে  তেওঁ ১৯৭৬   চনত পদ্মবিভূষণ বঁটা লাভ কৰে আৰু মোৰ আৰু পৃথিৱীৰ নামৰ কিতাপৰ বাবে ১৯৭৪ চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰেতেওঁ লাভ কৰা আন বঁটা ' অসম উপত্যকা সাহিত্য বঁটা ১৯৯৩

তেওঁ  অসম সাহিত্য সভাৰ ১৯৬৮ চনৰ ধিং অধিবেশনত সভাপতি হিচাপে কাৰ্যভাৰ লৈছিল আৰু ১৯৯০ চনত অসম সাহিত্য বিশ্বনাথ চাৰিআলিৰ সন্মিলনত তেওঁ সভাপতি আছিল

নৱকান্ত বৰুৱাদেৱৰ আতাইতকৈ জনপ্ৰিয় কবিতাবোৰ ' :  মনত পৰেনে অৰুন্ধতী, পলাশ, নৰকত ডন জুৱান , ক্ৰচত ডন জুৱান ইত্যাদি



1 comment:

Translate

Philosophy Unveiled: A Beginner's Guide

The study of fundamental questions about existence, knowledge, values, reason, mind, and language is known as philosophy. It is a broad and ...