//pagead2.googlesyndication.com/pagead/js/adsbygoogle.js"> > _pe.subscribe(); Biography of Lachit Barphukan, (লাচিত বৰফুকনৰ জীৱনী)great man of Assam by Jitu Das biography ~ Jitu Das's Blog

Wednesday, 24 April 2013

Biography of Lachit Barphukan, (লাচিত বৰফুকনৰ জীৱনী)great man of Assam by Jitu Das biography



Lachit Borphukan (Assamese: লাচিত বৰফুকন ) was a commander and Borphukan in the Ahom kingdom known for his leadership in the 1671 Battle of Saraighat that thwarted a drawn-out attempt by Mughal forces under the command of Ramsingh

The above quote means- The maternal uncle can not bigger than the country.
Lachit Barphukan said that in the consequence, when his maternal uncle was appointed to make a dam of soil in one night, to protect Guwahati from Mughal in 1669.But his uncle was lazy and was unaware of the gravity of the situation that Mughal armies is about to attack Guwahati in the morning, so being lazy and irresponsible, he was sleeping instead of tearing sweats in making the dam, when Lachit Barphukan, the commander of Ahom, came to see the progress of the dam, he found his uncle was sleeping and other workers were also sleeping.Then , Lachit did something that I do not know if anywhere something like that is done.Lachit was very patriotic, he loved Assam passionately and to protect Assam, he slayed his uncle, and said that a maternal uncle can not be bigger than my country.So, when the workers saw this, they feared Lachit and realized their irresponsibility, so they started working with patriotic passion to protect Assam, and

built a bigger dam in just one one night.And next day Lachit Barpukan and his armies fought with Mughal armies and won over Mughal armies. Lachit Barphukan is a great man of Assam ,India.His passion and true love for Assam is a ideal to every Assamese who love Assam,Assamese language and Assamese culture. Lachit Barphukan teach us to love our country, our mother land. Lachit Barphukan is a great man of courage. He inspires us to fight for our Assam,for our languge and culture. There is not much people borned in the world so courageous and patriotic. So be proud to be Assamese just like Lachit did. Let the blood of Lachit Barphukan flow in our veins. Lets shine as assamese in the world with our great culture.




 ASSAMESE VERSION :-
লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) আছিল অসমৰ আহোম সাম্ৰাজ্য এজন সেনাপতি। ১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।
"দেশতকৈ মোমাই ডাঙৰ নহয়"
প্ৰবাদ আছে যে মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰ্স্তুতি হোৱাৰ সময়ত তেওঁ মোগলক ভেটা দিবৰ বাবে একে ৰাতিৰ ভিতৰতে গড় (ওখ মাটিৰ দেৱাল) বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্বাবধানৰ দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পন কৰিছিল। শেহ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই। মোমায়েকক তাৰ উত্তৰ বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত দেখুৱালে। নিজৰ কৰ্তব্য পিছ কৰা দেখি লাচিতে খঙত একো নাই হৈ ঠিতাতে হেংদাঙেৰে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি মোমায়েকৰ শিৰশ্চেদ কৰিলে। তাৰ পিছত ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈছিল। লাচিতৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠাৰ এইটো এটা বিৰল উদাহৰণ।
সাহসৰ অন্তিম নিদৰ্শন
শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনী আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছহুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল । সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশি কৈছিল-“ যদি তোমালোক উভতি যাব খুজিছা, যোৱা, কিন্তু স্বৰ্গদেৱে মোক এই দায়িত্ব দিছে, গতিকে ম‍ই শেষ মুহুৰ্তলৈ যুঁজ দিম। মোগলে মোক লৈ যাবলৈ দিয়া। তোমালোকে মাত্ৰ স্বৰ্গদেৱক ম‍ই তেওঁৰ আজ্ঞা পালন কৰি শেষ মুহুৰ্তলৈ যুঁজ দিছো বুলি কবা।” এইকথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।

লাচিত-দিৱস
প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয়